( ১৯ ) বিশ্বনাথ অলকা, তোমাৰ চিঠিখনৰ বাবে তোমাৰ শলাগ লৈছো। আজি বৰং মই প্ৰকৃতিষ্ঠ হৈছে৷। ভবিষ্য ঘটনাৰ ছাঁ হেনো মানৱ মনত আগতে পৰে। মোৰ ইমান দিনৰ অশান্তি, আলোড়ন, সঙ্কোচ সকলোৰে আজি ভালেখিনি উপশম হৈছে। অৱশ্যে ই চিৰকালৰ জুৰণি নে খন্তেকীয়া বিৰাম তাকেহে কব নোৱাৰোঁ। সকলো সময়তে দুটা মানুহে মোৰ ভিতৰত আত্মপ্ৰতিষ্ঠা লাভৰ চেষ্টা কৰিছিল। অলপ ভাঙি কোৱা যাওক,–তোমাৰ মোৰ ঘনিষ্ঠতাৰ ফালৰ পৰা আজি সেই সাহস মোৰ হৈছে। সেই দুজন মানুহৰ এজনে তোমাক প্ৰণয়পাত্ৰী বা প্ৰণয়িনী হিচাপে বিচাৰিছিল আৰু আন জনে তোমাক তৰু-তৃণ, ফল-মূল, ভাই-বন্ধু, ছাত্ৰী-সখা সকলো ৰকমে বিচাৰিছিল অৰ্থাৎ মোৰ অভিজ্ঞতাৰ ভিতৰত যিবোৰ বস্তু, যিবোৰ ভাব যেনে উল্লাস, আনন্দ, প্ৰেম, সন্দেহ, সঙ্কোচ, যাত্ৰা, উপেক্ষা, অসীম সসীম সকলোৰে লগত তোমাক জড়িত কৰি লৈছিল। মোৰ জীৱনৰ বব নোৱাৰা ভাৰটোও যেন তোমাৰে হাৰমাল হব কেতিয়াবা তেনে যেনো লাগিছিল। ইয়াতকৈ যদি উচ্চ আৰু কিবা ভাব বেঙাই গৈছিল তাৰ আজি আবৃত্তি নকৰিলোৱে বা? দোদুল্যমান অৱস্থাৰ মাজেদি কব খোজেঁ 1,—তোমাক কোনোবা ৬১
পৃষ্ঠা:অলকালৈ চিঠি.pdf/৫৭
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/a/a1/%E0%A6%85%E0%A6%B2%E0%A6%95%E0%A6%BE%E0%A6%B2%E0%A7%88_%E0%A6%9A%E0%A6%BF%E0%A6%A0%E0%A6%BF.pdf/page57-1024px-%E0%A6%85%E0%A6%B2%E0%A6%95%E0%A6%BE%E0%A6%B2%E0%A7%88_%E0%A6%9A%E0%A6%BF%E0%A6%A0%E0%A6%BF.pdf.jpg)