পৃষ্ঠা:অলকালৈ চিঠি.pdf/৫০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ১৬ ) বিশ্বনাথ অলকা, যিমানে আগবাঢ়িবলৈ চেষ্টা কৰিছো তিমানে যেন পিছলি গৈছো। মানসিক সংযোগ যেন ক্ৰমে শিথিল হৈ আহিছে। ই আকৌ কি নতুন অভিজ্ঞতা? কিছুমান কাম যে চেষ্টা কৰিও কৰিব নোৱাৰি এতিয়াহে মোৰ মনলৈ প্ৰথম বাৰলৈ আহিছে। ঘনিষ্ঠতাৰ প্ৰথম কেইটা খাপ বোধ হয় উঠিবলৈ উজু—তাৰ পিছতে বাট কঠোৰ। আশা কৰোঁ মোৰ এইবোৰ বলিয়ালিয়ে তোমাক অকণো বিচলিত নকৰিব। আমাৰ দুয়োৰে বাহিৰে আনৰ কথা কবলৈ গলে বোধ হয় কথা ফুটিব। মই ইয়াত এটা সৰু ঘৰ ভাড়ালৈ লৈছো। চহৰত ঠাই নিচেই ঠেক, সেই কাৰণে মোৰ বৰ ভাল নালাগে। ম‍ই থকা ঠাইখিনি অলপ ওখ, আহল বহল, চহৰৰ পৰা কিছু দূৰত। অকলসৰীয়া মানুহ দেখিয়ে নেকি হাবিৰ মাজত থাকিলেও মোৰ বেয়া নালাগে। মোৰ কোম্পাউণ্ডৰ কাষে কাষে বনৰীয়া ফুল কিছুমান আছিল, আদিতে বনৰীয়া নাথাকিবও পাৰে, কিন্তু অযত্নত সি প্ৰায় বনৰীয়া হৈ গৈছিল। 48