পৃষ্ঠা:অলকালৈ চিঠি.pdf/৪৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আজি অকস্মাৎ মোৰ মনত খেলাল তোমালৈ এটা উপহাৰ পঠিওৱাৰ কথা। মই এতিয়৷ অলপ টকা পাওঁ, বোধ হয় কিবা কিনিও পঠিয়াব পাৰিলো হয়। এজনী গাৱলীয়া তিৰোতাই পুতেকৰ -নৰিয়া ভাল হোৱাত মোক এখন ৰিহা উপহাৰ দিবলৈ আহিছিল, মোৰ ঘৰত ঘৈণী নথকা শুনি বেচেৰী হতাশ হল। ঘৈণী ঘৰলৈ আহিব বুলি তাইক আশ্বাস দিলে৷। তেতিয়া তাই ৰিহাখন এৰি যাব খুজিলে, মই বাধা নিদিলে৷। মোৰ ইয়াতে ৰাখি কি কৰিম, পোকে কুটিব মাতৃৰ মনৰ পৱিত্ৰতা আৰু স্নেহ তুমিয়ে মোতকৈ ভালকৈ বুজিবা। সেই কাৰণে তোমালৈ এই সৰু উপহাৰটি আগবঢ়ালো — মাকৰ মনৰ আনন্দ আৰু কৃতজ্ঞতা-সনা। গাওঁবোৰত ফুৰি বেয়া লগা নাই—মানুহবোৰৰ অন্তৰবোৰলৈ চাই। অৱস্থালৈ চালে দুখ লাগে! দুখ ভাগৰত টান পোৱা যায়, ভাল লাগে কাৰবালৈ মনত পৰিলে। ভাল দেই। ইতি তোমাৰ— প্ৰকাশ - ৫৩