পৃষ্ঠা:অলকালৈ চিঠি.pdf/৪৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-কৰিবৰ আজৰি নাই, আহৰি সময়ত কথা পাতিবৰ লগ নাই, সেই কাৰণেই তোমালৈ দুষাৰ পাতল কথা লিখিলো। ইয়াৰ দ্বাৰাই তোমাৰ সঙ্গীনীসকলক উপহাস কৰিব খোজা নাই, আমাৰ দেশৰ ডেকা ল'ৰাসকলক অনাস্থা জনোৱা নাই। এইবোৰ কেৱল ছাইড-লাইট। মই কেতিয়াবা তোমালৈ আমি এৰি অহা হাস্পাতালৰ বুৰঞ্জীৰ পৰা দুই এটা চিত্ৰ পঠিয়াম। তেতিয়া বুজিবা জীৱনত দুখে সুখে হাঁহিব পৰা শক্তিটোৱে কেনেকৈ মানৱমনক পেৰালিছিছৰ হাতৰ পৰা দূৰত ৰাখিছে। মৰম লবা। কিয় জানো, এটা হুমুনিয়াহ আহে। তুমি বেজাৰ নকৰিবা। মই কালিলৈ মফস্বললৈ যাম। চিঠি এই ঠিকনাতে দিবা। আহিয়ে পামহি। পঢ়িবা। ইতি 40 তোমাৰ— প্ৰকাশ