পৃষ্ঠা:অলকালৈ চিঠি.pdf/৪৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 28 ) বিশ্বনাথ ঘাট অলকা, মই গৱৰ্ণণ্টেৰ চাকৰি ললোঁ, তোমাক জনাৰ নহল। জনাবলৈ আহৰি নাপালোঁ। দৰ্খাস্ত কৰিয়ে চাকৰি নাপাম বুলি জনোৱা নাছিলো, পোৱাৰ পিছত কামত ভৰ্ত্তি হবলৈ খৰখেদাকৈ আহিলো, গুৱাহাটীত সোমাব নোৱাৰিলা। সৌভাগ্য নে দুৰ্ভাগ্য, তোমালোকৰ অঞ্চলতে মোৰ কাম পাল। ম‍ই ইয়ালৈ অহা বাতৰি—তুমি পালে পাব পাৰা, কিয়নো তোমাৰ দেউতাৰাৰ লগত দেখা হবৰ আজি পোন্ধৰ কুৰি দিনমান হল। তামালোকৰ ঘৰলৈকো গৈছিলো, সিদিনাখন বাই- দেউৰাও আহিঙ্গি, মাৰা আৰু তোমাৰ ভাইটিৰ লগতো কথা বতৰা হলো। কেৰ্কেটা পোৱালী নিদিয়াৰ বাবে ভাইটিয়ে মোক নিন্দা কৰিছে। তোমাৰ সৰু ভাগিন ল'ৰাটো দেখিবলৈ ধুনীয়া হৈছে, মোৰ হলে মন খাইতোৰ বায়েকৰ লগতহে। চাৰি বছৰীয়া ছোৱালীজনী 89