Empinis সকলোৱে বাটৰ লগৰীয়া, তাৰে মাজতে দুই এজন স্থায়ী বন্ধু পাবও পাৰা, নাপাবও পাৰা। মই তোমালৈ উদাসীন হোৱা বুলি ভাবিছা কিয়? মই তোমালৈ বেছি অনুৰক্তি প্ৰকাশ কৰিব নোৱাৰে। দুটা কাৰণত। প্ৰথম কাৰণ,— তুমি বাঢ়নীয়া ছোৱালী, তোমাৰ গাত মোৰ জড়তাৰ বা কল্পনাৰ বা ধৰা কামনাৰে, সকলো হেঁচা দি তোমাক বাওনা কৰিব নোখোজে॥ পোনতে হয়তো মোৰ ভাৰ-নিক্ষেপ তুমি ভালেই পাবা, কিন্তু সেয়ে তোমাৰ ভাৰ কেন্দ্ৰ লৰাব পাৰে। দ্বিতীয়তে মই ৰালেজ-পন্থী,— I always look for fresh heights. ওখ পৰ্ব্বতৰ টিঙে মোক যিমান আনন্দ দিয়ে জুৰিয়ে নিদিয়ে। তুমি মোৰ, মই তোমাৰ ইত্যাদিবোৰ সৰুকথা। সৰুতে এটা বঙ্গলা গান শুনিছিলো— “দাদা কেবা কাৰ, - কে কাৰ আপিন, কেবা পৰ।” ভাবটো অলপ সস্তীয়া যেন দেখিব পাৰা, কিন্তু সঁচা নহয় নে? আমি পৰস্পৰে সাৱটাসাৱটি কৰি জগতখন পাহৰি – কিমান সময় থাকিব পাৰে।? কাল- পছোৱাই কিমান দিন সুকলমে এৰে? মই দুঃখবাদী নহওঁ, কিন্তু চকু দূৰলৈ ফুৰালে কিবা দোষ আছে নে? সেই কাৰণেই আমাৰ খোজবোৰ দৃঢ় কৰাৰ মই পক্ষপাতী। যদি ভাগ্যচক্ৰত এনে হয় যে আমি দুইজনেই এটা দীঘল বাটৰ বাটৰুৱা হওঁ, আমি 'অকল খোজ মিলালেই চলিব নে? বাট ও জানিব লাগিব, বাটৰ সম্বল ও লগত থাকিব লাগিব! মই একো গধুৰ কথা লিখিব খোজা নাছিলো, 8
পৃষ্ঠা:অলকালৈ চিঠি.pdf/৪১
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/a/a1/%E0%A6%85%E0%A6%B2%E0%A6%95%E0%A6%BE%E0%A6%B2%E0%A7%88_%E0%A6%9A%E0%A6%BF%E0%A6%A0%E0%A6%BF.pdf/page41-1024px-%E0%A6%85%E0%A6%B2%E0%A6%95%E0%A6%BE%E0%A6%B2%E0%A7%88_%E0%A6%9A%E0%A6%BF%E0%A6%A0%E0%A6%BF.pdf.jpg)