পৃষ্ঠা:অলকালৈ চিঠি.pdf/৩৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মুদিছে, সেই সকলেও যেন কয় – “এই যে আপোনাৰ কৰ্ম্মভূমি। আমালৈ আপোনাৰ মনত পৰে নে?” “ পৰে, সকলোলৈকে মনত পৰে” —মই বিনম্ৰভাৱে কওঁ। ম‍ই যাম কাণিলৈ। পোনতে ঘৰলৈ যাম, তাৰ পিছত যি হয়। এইখন চিঠিত তোমাৰ চিঠিৰ বিশেষ উত্তৰ দিয়া নহল। মনৰ অৱস্থা ভাল নহয়, বুজিবই পাৰিছা। পাৰিলে ঘৰৰ পৰা মই এখন তোমালৈ চিঠি দিম, এইখনৰ পূৰক হিচাপে। তোমাৰ পঢ়াশুনা কেনে ধৰণৰ হৈছে তোমাৰ চিঠিবোৰৰ পৰা একো বুজিব পৰা নাই। মই অভিভাৱক হব খোজা নাই দেই, কিন্তু তোমাৰ মনৰ আলেখ্যটো চাই থাকিবলৈ সদায় মোৰ এটা আগ্ৰহ, সেই কাৰণেহে এনেবোৰ প্ৰশ্ন সোধোঁ। বেয়া পোৱা যদি কৈ দিবা। মই কামত ওলাওঁ দেই। ইতি তোমাৰ প্ৰকাশ