পৃষ্ঠা:অলকালৈ চিঠি.pdf/৩৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

BARNESS থিয় দি আছিলো, তোমাৰ হাতখনত ধৰি থিয় দি থকা হলে, তোমাৰ কান্ধৰ পৰা পিছলি যাব খোজা চেলেঙখন বাওঁহাতেৰে তুলি, সোঁহাতেৰে তোমাৰ কপালত আলি হৈ পৰা চুলি কেডালি তুলি দিবলৈ পোৱা হলে? “ব” বুলি তুমি সকলো পাহৰি সাগৰলৈ চোৱাৰ ভাও জুৰিলে —“মেঘ উঠিছে এতিয়া যাওঁ বলা, সাগৰৰ পাৰৰ বৰষুণ সৰসৰাই আহিব”—এই বুলি তোমাক মাতিলে তেতিয়াৰ তোমাৰ দ্বিধাসনা চাৱনিটো দেখিবলৈ মনোৰম হল হয়। পিছ দিনাখন নিশ্চিত্ত হৈ সাগৰত নামি গা ধুলো। তুমি থকা হলে ভয় পালা হয়, মোক পানীত নামিবলৈকে নিদিলা হয় কিজানি। মই তোমাক পানীলৈ টানি গজ-কচ্ছপৰ সৰু এটা অভিনয় কৰিব পাৰিলো হয়। পাৰত তেতিয়া বহুত যাত্ৰী; বহুত মানুহ, মনত পৰাৰ ভিতৰত মুখ্যতমা তুমিয়ে নাছিলা। এই চিঠিত আৰু অইন কথা কবৰ মন নাই। আমাৰ পৰীক্ষা নৱেম্বৰত। তোমালোকৰ কলেজ বোধ হয় অক্টোবৰত বহিব। পৰীক্ষা শেষ কৰি যদি পাৰে৷ এবাৰ দেখা কৰিম। আশা কৰো নতুনকৈ অনুমতি লব নালাগিব। মোৰ বাকচৰ তলিত সাগৰৰ শামুক এডোখৰ আনি তোমালৈ পেলাই ৰাখিলো। শামুকৰ খোলা হলেও ধুনীয়া, ফুটুকাফুটুকিবোৰ মচিব নোৱাৰা। আনন্দৰ স্মৃতিৰে সৈতে। ইতি তোমাৰ— প্ৰকাশ 8°