পৃষ্ঠা:অলকালৈ চিঠি.pdf/৩১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Imam R ( ১ ), কলিকতা অলকা, তোমালোক ‘ফ্ৰেছ-মেন্‌চ-গেদাৰিং,’ 'ইউনিয়ন-ইলেকছন’ আদি কামত এতিয়া ব্যস্ত থাকিবা, এইটো বুজা মোৰ পক্ষে সহজ কথা। কিন্তু মোৰে নিচিনাকৈ কোনোবাই যদি তোমাৰ পৰা— উৎসাহ, উদগণি, ওভতনি সকলো বিচাৰে তেতিয়াহে সংঘৰ্ষ হয় নেকি,—নে কি কোৱা? ভুল নুবুজিবা, প্ৰলোভনৰ বস্তু দেখিলে আত্মসাৎ কৰাৰ লোভ জন্মে। তোমাৰ দৃষ্টিপথত অৱশ্যে আঁৰ-পৰ্ব্বত হবৰ মোৰ ইচ্ছা নাই। “ডাকে যেন, ডাকে যেন,, —সিন্ধু মোৰে ডাকে যেন।” —ৰবি ঠাকুৰৰ এই ফাঁকি কবিতা মোৰ মনত বৰকৈ খেলিছে দেখো। তোমাৰ বাতৰি পাবলৈ কাণপাতি থাকিলোঁ। ইতি তোমাৰ প্ৰকাশ