পৃষ্ঠা:অলকালৈ চিঠি.pdf/৩০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

- তেওঁলোকৰো দুই এটা ইংৰাজীয়ানাৰ নাম সোমাইছে, – বাকীবোৰ আৰবী কৰা নাইতো? মোৰ মনটো বৰ ভাল লগা নাই। সকলো বস্তুৰ ওপৰতে যেন এটা বিৰক্তিৰ ভাৱ। এইটো বোধ হয় এটা দুৰ্ব্বলতা। তুমি মোৰ গতানুগতিক বন্ধু হোৱা হলে, ( বান্ধৱী নোবোলে৷ দেই,—কাৰণ তুমি মোৰ মনত ছোৱালীয়ে নোহোৱা যেন পাওঁ,—এটা যেন সজীৱ -সহানুভূতি পৰায়ণ প্ৰাণ, তেনে যেন হে পাওঁ ) — কিজানি তোমাৰ মনত ভাল লগাবলৈ দুই চাৰিটা সস্তীয়া মনোহাৰী কথা কৈ চিঠিখন ডাক বিভাগক সোধাই দিলো হয়,—কিন্তু তোমাক প্ৰাণৰ সন্মুখত ৰাখি সকলো ৰকমৰ দুৰ্ব্বলতাতে ম‍ই লাজ পাওঁ। মই যদি কেদিনমানলৈ চিঠি নিদিওঁ, তথাপি যেন তুমি বেয়া নোপোৱা। মোৰ মনৰ দূৰ আকাশত যেন কৰবাত সৰু এচপৰা মেঘ দেখা দিছে। চেঁচা বতাহ বলিছে, ধুমুহা আহিব নেকি? মোৰ মনেও মোক ভালকৈ ধৰা নিদিয়াত পৰিছে। শ্ৰদ্ধাৰে। ইতি ৩४ তোমাৰ— প্ৰকাশ