পৃষ্ঠা:অলকালৈ চিঠি.pdf/২৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মৰিল নে জীৱনৰ ওপৰত হতাশ হৈ আত্মহত্যা কৰিলে? আমেৰিকা আদি দেশত হেনো আত্মহত্যা আৰু বিবাহ-বিচ্ছেদ দুয়োটা কথাৰে বৰ বেছি প্ৰচলন, বঙ্গদেশত বিবাহ-বিচ্ছেদ বিৰল, কিন্তু আত্মহত্যাৰ নিৰিখ নিচেই কম নহয়,—কাৰণবোৰ অৱশ্যে তোমাক কবৰ হোৱা নাই। মোৰ এই সক কুঠৰীটোৰ ভিতৰত এই সৰু বোটলটোৰ অন্তৰত এনে কি মাদকতা আছিল যিহে তাৰ মৰণ আহ্বান কৰিলে? মইভে৷ মৰণৰ কথাকে ভবা নাই, আত্মহত্যাতো দূৰৰ কথা। কোৱাচোন কিহে তাক ফুচুলালে। সেই বোটলৰ পানীৰে অৱশ্যে তোমালৈ লিখি চিঠিও জপাওঁ, কিজানি মোৰ মনৰ মিষ্টতা, হব পাৰে তোমাৰো, সেই পানীত কেনেবাকৈ জড়িত হৈছিল আৰু তাৰ অলপমান খাইয়ে পোকটে। বিহ্বল হৈ ঢলি পৰিল? অথবা, ঘৰত সিজনাৰ দ্বাৰা লাঞ্ছিত হৈ দ্বিতীয় কালিদাস হোৱাৰ মনেৰে জপংকৈ পানীত পৰিল আৰু আধুনিকা সৰস্বতীয়ে কলেজত বক্তৃতা দিবলৈ গৈ ইয়াক উদ্ধাৰ কৰিবলৈকে পাহৰিলে? লাছ নপঠিয়ালো,—তুমি মনেৰেই পৰীক্ষা কৰিবাচোন। মঞ্জু, কুঞ্জ, নিছাৰীকা—এইবোৰ তোমাৰ অসমীয়া বান্ধৱী নে? অসমীয়া নামৰ চাগৈ কণকঠিয়া মৰিল। মৰক দিয়া, জাতিটোৱে মৰক, মোলান চাহাবৰ দূৰদৰ্শিতাই সাব্যস্ত হওক। * আমাৰ মুচলমান সমাজে নামবোৰ অলপ আগৰ ঠাঁচত ৰাখিছে নেকি?

  • — ১৯৩০ চনৰ লোক-গন্তিৰ ফলাফল চাই চেঙ্কাচৰ অধ্যক্ষ মিঃ চি, এছ, মুলানে

কৈছিল যে সময়ত অসমীয়া জাতিটো লোপ পাব, শিৱসাগৰ জিলাত এমুঠিমান বক গৈ পাৰে।—সম্পাদক।