পৃষ্ঠা:অলকালৈ চিঠি.pdf/২৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( a ) কলিকতা অলকা, তুমি কলেজৰ ‘এট্‌মস্ফিয়াৰ ভাল পোৱা শুনি আনন্দ পালে॥ নিশ্চয় তাৰ বা-বতাহত উদ্যম, উদগণি আৰু সজীৱতাৰ বীজ আছে। তুমি হেলাৰঙে প্ৰৱেশিকা পৰীক্ষা পাছ কৰিলা, ম‍ই মোৰ শেষ পৰীক্ষাত কি কৰোঁ? পৰীক্ষা আহিলেই যেন বাঘটো আহে,— তাৰ ভাবটোও মোৰ মনত ভয়-লগা। মোৰ ভীতিবিহ্বল মনৰ এছোৱা জাপি দি তোমাৰ উদ্যমভৰা গজালি মনক দো খুৱাব নোখোজেঁ॥ মই ‘মেডিকেল-জুৰিশ্ৰু ডেন্সৰ' কেছ এটা তোমালৈ উদ্ধৃত কৰি আজিলৈ চিঠিখন কিজানি সামৰিম। ম‍ই যিটো ঘটনা কম সেইটো এটা আকস্মিক দুৰ্ঘটনা নে আত্মহত্যা তুমি কবাচোন। তোমালৈ চিঠি লিখিবলৈ ওলাই দেখোঁ যে মোৰ মহী-চুঙাত মহী তেনেই শুকাই গৈছে। ওচৰত এটা সৰু কাচৰ বোটল আছে তাতে সচৰাচৰ পানী থওঁ, তাৰে লেফাফা বন্ধ কৰে৷ আৰু মৈলামৰ চিহি শুকাই গলে তাতে অলপ পানী ঢালি মিহলাই লওঁ। আজি বোট টো হাতত লৈয়ে দেখিলো তাৰ ভিতৰত এটা সৰুজাতৰ পঁইতাচোৰা মৰি আছে। পঁইতাচোৰাটো ডেকা যেন লাগিল। ই মৰাৰ কি কাণ? পানী খাবলৈ চিচাটোৰ ভিতৰলৈ সোমাই খোজ পিছলি পানীত পৰি ৩২