পৃষ্ঠা:অলকালৈ চিঠি.pdf/২৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বন্ধু পাবা, নে তোমালোকে বান্ধৱী বোলা তাকো নাজানো। তোমাৰ নিচিনা ধুনীয়া ছোৱালীৰ পৰা ৰুমাল তুলি দিয়া ডেকা বন্ধুৰো অভাৱ নহব, নোট ধাৰ কৰা আগ্ৰহান্বিত বন্ধুৱো বহুত পাবা। নোটতকৈ যেন বেছি কোনোৱে ধাৰ নকৰে, মোৰ মনে তাকেহে কব খোজে। বেয়া নাপাবা দেই। ডেকা ল'ৰাই ছোৱালীৰ আলেখলেখ চোৱা প্ৰায় স্বাভাৱিক। মই গুৱাহাটীত চিনো তেনে ভদ্ৰলোকৰ নাম লিখিবলৈ কৈছা? মোৰ ভিনিহিদেউৰ ঘৰ দীঘলী পুখুৰীৰ কাষত থকা কথা তোমাৰ জনাই আছে, বাই-মৰা ভিনিহি হলেও মৰমিয়াল। তোমাক দুজন মোৰ শ্ৰদ্ধেয় কবি চিনাই দিওঁ। ‘কেতেকী'ৰ কবিক পাবা—দুৱাৰ মুখতে এজুপি কামিনী গছ, এডালি লবঙ্গ লতা, ঘৰৰ সমুখত শেৱালী এজোপা। অনাড়ম্বৰ, হোক৷ প্ৰিয়, পাতল হাঁহিৰে সৈতে সেইজনেই কবি। তুমি অলপ বহিলেহে কথা পাতিব। 'তুমি'ৰ কবিক যতে ভতে পাবা,—লগ ধৰিবা ঘৰত। আগৰ ছোৱা কথাৰ দ্বাৰাই তেখেতক বুজিবলৈ চেষ্ট৷ নকৰিবা,— অনুভূতিৰ সূক্ষ্ম সূত্ৰ এডালি ধৰি আগ বাঢ়ি যাবা,—নিব্বিকাৰ কবিক তেতিয়াহে পাব৷। “ধৰ আৰু ধৰ”ৰ নিচিন। কৰ্কশ কথাতো প্ৰাণৰ সুৰ দিয়ে তাতছে। সদাশয় ভদ্ৰলোকৰ ভিতৰত পাব৷ ডাক্তৰ বৰুৱাক। ল'ৰাৰ দৰে সৰল, বীৰৰ দৰে সৱল, অন্যায়ৰ প্ৰতি কষ্ট, ছাত্ৰছাত্ৰীৰ প্ৰতি অত্যন্ত স্নেহ পৰায়ণ 'পাব্লিকমেন’ বোৰক কাম দেখিয়ে চিনিবা, মই আগতে তোমাক কাৰো বিষয়ে কৰ নোখোজোঁ।