পৃষ্ঠা:অলকালৈ চিঠি.pdf/২১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বেৰৰ আঁৰত গাখীৰৰ বাটি খুৱায়, ডাঙৰতো সেই ল'ৰা নিতান্ত স্বাৰ্থপৰ আৰু আপোনপেটীয়া নহয় নে? তুমি কবা যে এইবোৰৰ লগত কলেজৰ শিক্ষাৰ কি সম্বন্ধ? ম‍ই কওঁ — মানৱ মনৰ উৎকৰ্ষ সাধনৰ বাবে দেশ বিদেশৰ মনস্বীসকলৰ চিন্তাৰ লগত, আদৰ্শৰ লগত আচৰণৰ লগত পৰিচিত হোৱা যুগুত। নিজৰ মনকো সত্য গ্ৰহণৰ উপযুক্ত কৰি লোৱা আৱশ্যক। পঢ়া-শুনা, চিন্তা কৰা, উচ্চ আদৰ্শৰ মানুহৰ সংস্ৰবত থকা, এইবোৰেই কলেজৰ শিক্ষাৰ উদ্দেশ্য। যদি সকলো ঠাইতে মানুহবোৰ এই উদ্দেশ্যত সফলকাম হোৱা নাই, তাৰ কাৰণ জানিবা তেওঁলোকে আদৰ্শৰ বাটেৰে সদায় আগবাঢ়িব পৰা নাই। কাৰ্য্যকাৰিতাৰ ফালটো নহয় এৰি দিলোঁ, — লিখা পঢ়াৰ আৰু এটা ফাল আছে – সৌন্দৰ্য্য উপভোগ কৰা, ডাঙৰ ভাষাত 'আত্ম-বিনোদন" কৰা। খেতিয়কে নিজৰ মাটিৰ ফুলা সৰিয়হ ডৰালৈ চাই কেনে পায়? শৰতত ধানৰ শীহ কেইটা দেখিলে চহাৰ মন কেনে লাগে? কুঁহিয়াৰ ছডালি আগবতৰতে আনি ল'ৰা-ছোৱালীৰ হাতত দিলে ঘৰখনতে কেনে এটা হাঁহিৰ জেউতি উঠে? সেই দৰেই কলেজীয়া জীৱনত কবিতা পঢ়ি, কবিৰ মনলৈ চাই, তেওঁলোকৰ ৰূপসৃষ্টি বা ৰসসৃষ্টিলৈ চাই এবাৰ স্তদ্ধ হবা। কলাবিদৰ সৌন্দৰ্য্য জ্ঞানত মুগ্ধ হবা, মানৱ সভ্যতাৰ বুৰঞ্জী দেখি স্তম্ভিত হবা। জীৱনৰ কঠিন সমস্যাবোৰক কোন পণ্ডিতে কেনে ভাবে চাই এটা উপেক্ষাৰ হাঁহি মাৰিলে সেই হাঁহিৰ দূৰণিৰ ঢৌটো দেখিও তুমি আনন্দ পাবা। ডালিমৰ সৰি পৰা ফুলবোৰতো যে সৌন্দৰ্য আছে যদিও ফল নধৰিল,—তেতিয়া বুজিবা। ২৫