পৃষ্ঠা:অলকালৈ চিঠি.pdf/১৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ৬ ) কলিকতা অলকা, নহয়, মই কলিকতালৈ আহিয়ে তোমাৰ চিঠি পালোঁ। অকল পোৱাই পঢ়িলো আৰু কণ্ঠস্থ কৰিলো। তোমাৰ নিচিনা ছোৱালীৰ পক্ষে এনে অনিশ্চিততা মই মুঠেই ভাল পোৱা নাই। জীৱন নিশ্চয় বিলাস- ভূমি নহয়। কলেজীয়া জীৱন অকল বিলাসৰ বাবে নহয়। ম‍ই এই বিষয়ত তোমাৰ লগত সম্পূৰ্ণভাৱে একমত—যে এতিয়ালৈকে অকল ধনীৰ ছোৱালীয়ে কলেজত পঢ়িছে আৰু কিছুমান অভিভাৱকে দৰা যতনাব পৰা নাই বুলিয়ে ছোৱালীক কলেজভ দিছে৷ তথাপি মই ভাবে যে এইটো তোমাৰ নিষ্ঠুৰ ধাৰণা। তোমাৰ লগত তৰ্ক কৰা মোৰ পক্ষে অপ্ৰিয় তথাপি মই কব খোজোঁ যে তোমাৰ এই সিদ্ধান্ত নিৰ্ভুল নহয়। তুমি কছিয়াৰ ছোৱালীসকলৰ কথা কৈছা, মই বুজিছো। কিন্তু ভাৰতৰ অৱস্থা ঠিক ৰুছিয়াৰ অৱস্থাৰ সৈতে একে নে? ডাইভস্কি বা মেক্সিম গৰ্কীৰ চিত্ৰিত নায়িকাসকলৰ দৰে কষ্টৰ সম্মুখীন তোমালোকে হ'বা নে? অকল দেশত বাহিৰে নিজৰ বাবে কৰিব লগীয়া জীৱনত একো নাথাকে নে? মোৰ দাম্ভিকতা বুলিব পাৰা, কিন্তু ছোৱালীবোৰে যেতিয়া ২৩