পৃষ্ঠা:অলকালৈ চিঠি.pdf/১৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( c ) বেলশৰ অলকা, তোমাক খবৰ নিদিয়াকৈয়ে ঘৰলৈ আহিলো, — কামৰ লৰালৰিত আচল কথা, ‘হস্পিতাল-ডিউটি'ৰ হাত এৰুৱাই ছুটি পোৱা টান। এটা বিশেষ পৰ্ব্ব উপলক্ষে দুদিনমান ছুটি পালো, তাতে আইৰে৷ মাজে মাজে গা বেয়া বুলি শুনি আছিলো, সেই সুযোগতে এবাৰ ঘৰলৈ লৰি আহিলো। আইৰ গা আগতকৈ ভাল, কিন্তু সম্পূৰ্ণ সুস্থ নহয়। বয়স 'গলে এবাৰ গা পৰিলে টঙাই উঠা বৰ টান। মই ইয়াৰ আগতেও তোমালৈ ইয়াৰ পৰা চিঠি লিখিবলৈ চেষ্টা কৰিছিলো, কিন্তু কৃতকাৰ্য্য নহলো। আজি যদিও লিখিবলৈ লৈছো ভাববোৰ যেন কিবা কথাৰ আঁৰত ৰৈ যায় এনে ছেন লাগিছে চমুকৈ কবলৈ গলে, অলপ লাজ লাজ লাগিছে। কলিকতাৰ পৰ লিখিছিলো আবেগত (আশা কৰে।, শব্দটো লৈ আপত্তি নকৰিবা কিন্তু ইয়াত ভাব হৈছে তুমি যেন অত্যন্ত সত্য, নিতান্ত তেজ মঙ্গহ