পৃষ্ঠা:অলকালৈ চিঠি.pdf/১৪৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হয়,—মই বিদায় লব খোজোঁ। বিদায়ৰ ইমান চেষ্টা, কিন্তু সকলোবোৰ ব্যৰ্থ চেষ্টা কিয়? সাগৰৰ নাৱিকে ঘৰমুৱা হয় পৃথিবীখন ঘূৰি, তথাপি ঘাটভ নামিলে ভাৰ বুকুখন কঁপে কিয়? —আতঙ্কত নে আগ্ৰহত? কাক গৈ তাৰ অভিজ্ঞতাবোৰ কব? কোনে তাৰ ওভতনিৰ আশাত অপলক দৃষ্টিত বাটলৈ চাই আছে? - সি চাগৈ কিমানবোৰ বস্তু দেখিলে, ভাল বেয়া কিমানবোৰ সমাজৰ মাজেৰে বাগৰি আহিল, তাৰ বন্ধুসকলৰ লগত সেইবোৰ অভিজ্ঞতাৰ কথা কৈয়ে কিমান হাঁহিলে নাচিলে, — তথাপি তাৰ শেষ ধ্বনিখিনি থবগৈ খোজে ক'ত? অন্তৰলৈ সি সকলোখিনি বৈ লৈ যাব খোজে কিয়? আন এখনি এবাৰ সি চাব খোজে নিজক আন এখনি দাপোনত পেলাই। দাপোনখন সি নিজে বাছি লোৱা, — তাক মচি লয় মৰমেৰে! মই এইবোৰ মিঠা কথা কৈ কিজানি তোমাক মুগ্ধ কৰিবলৈ চেষ্টা কৰিছো, কিজানি তোমাক প্ৰলুব্ধ কৰিছো — যদি শেষত মৰে তোমাক তিলে তিলে দহন কৰে।? মোৰ জাগ্ৰত অৱস্থাৰ নানা ভাব-ভঙ্গি, চিন্তা- চৈতন্যৰ লগতে তুমি পৰিচিত—কিন্তু মোৰ লুপ্ত আত্মাৰ ইঙ্গিতবোৰ নিচেই নাজানা। আজি ভাৰে আভাস দিওঁ। ৰাতি কিমান কব নোৱাৰোঁ। অনুমান কৰিলে যে ম‍ই যেন তেতিয়া মোৰ ৰোগীচোৱা কোঠালীত। আগতে দেখিলো — শ্ৰীমতী অৰুণা অকলে। মুখত মৌন প্ৰফুল্লতাৰ হাঁহিৰে তেওঁ মোৰ কাষ চাপি আহিল। ইমান দিনে যি সংঘমৰ বান্ধ ৰাখি আছিলো আজি সি অকস্মাৎ সুলকি পৰিল। হিয়াৰ আবেগে সৈতে তেওঁৰ গালত স্নেহ- ১৫৪