পৃষ্ঠা:অলকালৈ চিঠি.pdf/১৪৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(st) ছিলঙ অলকা, মোৰ ভাবেৰে তোমাক উৎপীড়ন কৰা দিন বোধ হয় ক্ৰমে টুটি আহিছে। জীৱনৰ যি সঞ্জীৱতা লৈ এদিন গৌৰৱ কৰিছিলো আজি যেন সেয়ে প্ৰৌঢ়তাৰ আলম বিচাৰিছে। প্ৰাণৰ যি স্পন্দনেৰে তোমাক নচুৱাম বুলি ভাবিছিলো—যি আকৰ্ষণেৰে তোমাক কাষলৈ আনিম বুলি ভাবিছিলো আজি তাৰ ঠাইত জ্ঞান আৰু অভিজ্ঞতাৰ কঙ্কালে যেন মোৰ অতীতক শিয়াৰি উঠিছে। এই ভূতবোৰ মই নিজে সঁজা নে? নে ফাউষ্ট বিনাশৰ মেফিস্টোফিলিছ? অন্তৰত প্ৰীতিৰ সম্ভাৰ বিচাৰি চাওঁ, মুখ-ঢকা দিবলৈ,—শূন্য। এই অন্তৰত এদিন প্ৰীতিৰ উহু ফুটিছিল, কোনে কব? কাৰবালা! — “মানৱ দৃষ্টিৰ সীমা ৰূপে যত দুৰ কেৱল বালিৰে ভৰা, প্ৰস্তৰ কঙ্কময় মৰুভূমি খনি?” ১৪১