পৃষ্ঠা:অলকালৈ চিঠি.pdf/১৪১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তেনেই নে? যদি মাৰা আৰু দেউতাৰাই সেইটাকে ভাল বুলিছে, মই আপত্তি কৰাৰ নিশ্চয় একো কাৰণ নাই। তুমি আগৰ অলকা হৈয়ে থকা হলে বোধ হয় যুক্তি তৰ্ক কৰি দুয়ো এটা সিদ্ধান্তলৈ আহি- বলৈ চেষ্টা কৰিলোহেঁতেন। আজি তোমাৰ মানত মই কপট, মিথ্যাচাৰী, বিশ্বাসৰ অনুপযোগী,—এনে স্থলত মোৰ মতৰ, তোমাৰ ওপৰত একো প্ৰভাৱ নথকাই উচিত। মই দেখাত এতিয়া শিক্ষিতা ' তিৰোতাৰ বাবে একে বিধৰ যাত্ৰ চাকৰি আছে—ছাত্ৰী স্কুলৰ মাষ্টাৰি। তেওঁলোকে ভাল পাওঁক বেয়া পাওঁক, বহি থকাতকৈ তাকে কৰে। ভাতকৈ নাছাৰী স্কুলত ছোৱালী শিক্ষকৰ বেছি আৱ্যক বুলি মই ভাবো। আমাৰ দেশত ডেকাবোৰৰে জীৱিকাৰ নিৰ্ব্বাহৰ পথ ঠেক, ছোৱালীৰ যে আৰু সঙ্কীৰ্ণ, সেইটো দেখা কথা। সেই কাৰণে তোমালোকক দোষ নিদিওঁ। কিন্তু এটা কথা,—তুমি সঁচাকৈ ধন ঘটিবলৈ চাকৰি কৰিবলৈ যাব খুজিছা নে জীৱিকাৰ তাড়ণাত যাব খুজিছা? অন্ততঃ আৰু এবাৰলৈ মোক বিশ্বাস কৰাচোন। তুমি মোৰ ওপৰত বিৰক্ত হৈ কিজানি এই জল্পনাটো মনলৈ আনিছ॥ মোৰ এতিয়াও বিশ্বাস আছে যে মই যদি কওঁ, তুমি নাযাবা, তুমি নোযোৱা। কিন্তু তেনেকৈ কোৱোটো মোৰ পক্ষে উচিত হব নে তাকে ভাবিছো; অহঙ্কাৰৰ ফালৰ পৰা নহয়, হেতুৰ ফালৰ পৰা। আমাৰ ইয়াত মেডেম কুৰি বা ডাঃ মণ্টেছৰীৰ নিচিনা কেইজনা বিজ্ঞানবিদ বা শিক্ষা-নিপুণ৷ মহিলা ওলাইছে? তুমি স্কুলত সোমোৱাৰ অৰ্থ এটা প্ৰাণহীন বন্ধনত সোমোৱা হব যেন হে পাওঁ। ভাবি চাবা। -