পৃষ্ঠা:অলকালৈ চিঠি.pdf/১৪০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(89) অলকা, ছিলঙ Nanda Mohar Talukdar P. O. Sorbhog Dated....... 100000 Kamrup Barnagar II. I School তুমি ঘৰ এৰি যাবলৈ ওলাইছা? — ভাল কথা। মোক অগত্যা দাঁতেৰে কুটা ধৰোৱাই তোমাৰ অভিপ্ৰায় নেকি? মোৰ অহঙ্কাৰ নাশ হলে তুমি সুখী হবা নে? আজি এনে এটা সঙ্কট অৱস্থাত পৰিছো যে মোৰ কথাবোৰে যেন তাৰ প্ৰকৃত অৰ্থ তোমাক বুজাব নোৱাৰে। মই যিমানলৈকে লক্ষ্য নকৰোঁ সি যেন সদায় তাতকৈ তোমাক তলত বিন্ধে। আজি ব্যৰ্থতাত মোৰ প্ৰাণ গুজৰি উঠিছে। সি যেন তাৰ নিজৰ শক্তি হৰুৱাই আত্মসন্মানত আঘাত পাইছে। তুমি ঘৰ এৰি আনঠাইলৈ যাব৷ কিছৰ দুখত? চাকৰি কৰা তোমাৰ পক্ষে নিতান্ত আৱশ্যক নে? ইমানবোৰ সৰু সুৰ৷ কথা তুমি মোৰ মতামত সুধিছা, পৰামৰ্শ কৰিছা,—আজি তুমি এদিনতে ঘৰ এৰি যাবলৈ ওলাইছা, সিও চাকৰিৰ অন্বেষণত? তিৰোতাই চাকৰি কৰা ভাল নে বেয়া এই বিষয়ে অৱশ্যে বহুত মতভেদ আছে। পছিমৰ “তিৰোতাবোৰে চাকৰি কৰে, সঁচা কথা। আমাৰ ইয়াৰ অৱস্থা ঠিক x