পৃষ্ঠা:অলকালৈ চিঠি.pdf/১৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাৰিছা। ছোৱালীবোৰক নেকি টান কথাত কলে অভিমান হয়, মই ঢিলা কথাৰেই কওঁ, মাতটো তোমাৰ নিচিনা কোমল হোৱা হলে আৰু ভাল পালে৷ হয়,—চিঠি ঘণাই লিখিবাচোন। ইমান দিনে দুটা কামত মোৰ পলম সহ্য নহৈছিল। এটা হৈছে, গা ধুই উঠিলেই মূৰ নাচোৰাকৈ ম‍ই নোৱাৰিছিলো আৰু কাৰবাৰ চিঠি পালে তেতিয়াই তাৰ উত্তৰ নিলিখি নোৱাৰিছিলো, এতিয়া তৃতীয় প্ৰত্যেক উপসৰ্গ হ'ল,—তোমাৰ চিঠি পাই নাথাকিলে নোৱাৰিছো। সপ্তাহত, নে দিনত, কোৱা৷ তাতকৈ যদি এটা মায়া হাতনি পেৰা থাকিল হয়, যিটো মেলিলেই তোমাৰ লগত কথা পাতিব পাৰি, দিনটোত তুমি বহুবাৰ উধাতু খাই লৰি আহিব লাগিল হয়। ক্ষমা কৰিবা। ভালেখিনি বলিয়ালি কৰিছে৷ যেন লাগিছে। আনপিনে আৰু এটা সৰু ভাবে উক দিছে। জগতখনত অকল তুমি আৰু ময়ে থকা নাই। ই অতি বৃহৎ আৰু ইয়াত বস্তুবোৰে ইটোৰ গাত সিটোৱে আউজি থিয় দি আছে। ইমানৰ মাজত একেটা বস্তুকে দেখাৰ অৰ্থ আনবোৰক পাহৰি যোৱা। সিও অন্ধতা। অন্ধতা বহুত তৰহৰ। এইবোৰৰ বিষয়ে ৰকমৰ আছে, বলিয়ালি যেনে নানা বহলাবলৈ গলে তুমি মোক ডাক্তাৰিবিদ্যাৰ পৰিচয় দিবলৈ যোৱা বুলি ভাবিবা। এইবোৰ কথা তোমাক কবলৈ অৱশ্যে মই ভাল পালো হয়। শুনোতাজন ভাল থাকিলে বক্তাৰ ওজস্বিতা আহে, মনৰ বলন শক্তিটোও বাঢ়ি যায়। আগেয়ে যদি তুমি কলেজত পঢ়াৰ বিপক্ষে কি বা কোৱা যেন পাইছিলা পাহৰি যাবা। পঢ়া, কলেজত পঢ়া। ছাঁই যেন ১৭