পৃষ্ঠা:অলকালৈ চিঠি.pdf/১২৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

BARNESS ভাৰতৰ ভিতৰত তেনেই পিছ পৰা নাছিল, মই ভাল পাওঁ— আজান দিয়া মসজিদৰ ওখ মঞ্চখন সেয়ে কয় এবাৰলৈ বিশ্বস্ৰষ্টাৰ ওচৰত একেলগে আঠু লওঁহি আহা। ম‍ই ভাল পাওঁ গুৱাহাটী-ছিলঙ ৰাস্তাৰ ওপৰলৈ লাহে লাহে উঠি যোৱা ভাঁজবোৰ। হব নে? যদি কব লাগে,—ভাল পাওঁ — পৰিচয়ৰ গভীৰতাখিনি, আগ্ৰহৰ নহয় আধ্যাত্মিক (?) কথা প্ৰথমটো, বন্ধুতাৰ শেষটো, ব্যাকুলতাখিনি। বিৰহৰ বেয়া লাগে কোনবোৰ তাৰ লিষ্টি তুমি খোজা নাই, কিন্তু থকা হলে সেইখন হে পঠিয়ালো হয়। তথাপি দুষাৰ কওঁ। বেয়া লাগে নিজৰ মূৰ্খতা, আৰু বেয়া লাগে লোকক যেতিয়া তুমি পৰ বুলি ভাব৷ আৰু তেওঁ যেতিয়া তোমাক অযাচিতে আদৰ কৰে। উদাহৰণ মোৰ মনত পৰিছিল কিন্তু চিঠিৰ কলেবৰ নবঢ়াওঁ। অনামা সৈন্যৰ সমাধি মন্দিৰ আছে কিন্তু অজান প্ৰেমিকৰ স্মৃতি জগতত কিহেৰে ৰাখে? আকাশৰ নাম নজনা অসংখ্য তৰাবোৰক তুমি ভাল পোৱানে? ইতি তোমাৰ— প্ৰকাশ