পৃষ্ঠা:অলকালৈ চিঠি.pdf/১২৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(82) ছিলঙ অলকা, তোমাৰ চিঠিখন নিচেই ছুটি আৰু দেখোতে বৰ সৰল,—কিন্তু তোমাৰ প্ৰশ্নবোৰৰ সমিধান দিয়া মোৰ পক্ষে টান। তুমি আগত থকা হলে কিজানি মোৰ ভাব-ভঙ্গি চাই বুজিব পাৰিলা হয়, কিন্তু চিঠিৰে কেনেকৈ বুজাম ভাবি পোৱা নাই। তোমাৰ প্ৰশ্ন হৈছে——what are the things you like?'—মই কি ভাল পাওঁ! বৰ ভাঙৰ প্ৰশ্ন। মোৰ হোমিওপ্যাথিক ডাক্তৰসকললৈ মনত পৰে। প্ৰতি কিবা ব্যৱসায় গত বিদ্বেষ আছে বুলি নধৰিবা। তেখেতসকলৰ মোৰ তেতিয়া ক্লাচ নাইন নে টেন। কিবা এটা অসুখ হৈছিল, এজন নতুনকৈ অহা হোমিওপ্যাথৰ ওচৰলৈ গৈছিলো। মোলৈ প্ৰশ্নৰ কি জাউৰি! —“তুমি টেঙা খাবলৈ ভাল পোৱা নে মিঠা খাবলৈ ভাল পোৱা? শুই থাকিবলৈ ভাল পোৱ৷ নে বহি থাকিবলৈ ভাল পোৱা? কথা পাতি ভাল পোৱা নে মনে মনে বহি থাকিবলৈ ভাল পোৱা?” মই তেতিয়া কেনে ১৩২