বোধ হয় এই পোৰণি নাই, মনে মনে ভাবো। অৰ্দ্ধমুকুলিত গৰ্ত্ত কেশৰ লৈ ফুলবোৰে যেতিয়া বতাহত উৰি অহা অথবা ভোমোৰাৰ গাত জাগি অহা পুংকেশৰবোৰলৈ অপেক্ষা কৰে—ইহঁতৰ চেন্সৰী নাৰ্ভছ থকা হলে কিবোৰ sensation - thought centreলৈ নিলে হয়, মই নিজকে সোধোঁ। অথবা যিবোৰ ফুলে অকল পুংৰেণু বিলাবলৈকে ফুলিছে সিহঁতৰ সেই পৰিব্যাপ্তিৰ অৱস্থালৈ এটা কিবা আকাঙ্ক্ষা আছে নে? সিহঁতৰ ভাৰাজ্যত সোমাব নোৱাৰোঁ, এয়ে বেজাৰ লাগে। আকাশৰ অসংখ্য তাৰকা ৰাশিলৈ যেতিয়া চাওঁ, তেতিয়াহে মাত্ৰ এই চিন্তাকীৰ্ণ পৃথিবীলৈ পাহৰি যাওঁ। অৱশ্যে মোৰ সেই ভ্ৰমণতো ভগৱানে যেতিয়া মনৰ তুমি সঙ্গী হোৱা হলে তৃপ্তি পালো হয়। দুখত আডাম আৰু ঈভক নিৰ্যাতিত ক৷ৰলে,—দুয়োকে পৃথিবীলৈ নমাই দি, অতিভাড়াক্ৰান্ত হিয়াখনি লৈ ঘৰমুৱা হব খুজিছিল, তেতিয়া তেওঁৰ অপাৰ কৰুণাত ইহঁতলৈ চাই কৈছিল,—“মোৰ একান্ত ইচ্ছা আছিল তহঁতে মোৰ লগতে থাকিবি।” সেই কাৰণেই বোধ হয় এতিয়াও ভগৱানৰ স্বৰ্গলৈ যোৱাৰ অধিকাৰ মানবৰ আছে, কিন্তু White Australiaত Asiaticsৰ দৰে থাকিবৰ অধিকাৰ নাই। - মোৰ স্বৰ্গাৰোহণ বৰ্ণনা কৰিলে তুমি অৱশ্যে হাঁহিবা। কিন্তু তুমি যদি মোক সঁচাকৈয়ে অলপ প্ৰশ্ৰয় নিদিয়া, থাওক। তুমি চিঠি নিদিলে বৰ অশান্তি পাওঁ। তোমাৰ ঘৰলৈ ডাক্তৰ হিচাপে গলোঁ, টকা নিদিলা স্পষ্টকৈ কব পাৰে৷ ভিজিটখিনি নাপালোঁ, মৰমৰ বাবে তাগিদ নচলে। কাৰো চিঠি পোৱা নাই, চাক সুধিব পাৰে ১৩০
পৃষ্ঠা:অলকালৈ চিঠি.pdf/১২৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/a/a1/%E0%A6%85%E0%A6%B2%E0%A6%95%E0%A6%BE%E0%A6%B2%E0%A7%88_%E0%A6%9A%E0%A6%BF%E0%A6%A0%E0%A6%BF.pdf/page124-1024px-%E0%A6%85%E0%A6%B2%E0%A6%95%E0%A6%BE%E0%A6%B2%E0%A7%88_%E0%A6%9A%E0%A6%BF%E0%A6%A0%E0%A6%BF.pdf.jpg)