পৃষ্ঠা:অলকালৈ চিঠি.pdf/১২১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Nanda Mohan ( 41 ) Talukdar P. O. Sorbh og Dated...... Kamrup Barnagar H. E. School + ছিলঙ অলকা, মোৰ মনৰ অৱস্থাটো বুজাবলৈ টান পাইছো। আমাৰ ডাক্তৰী ভাষাত,—“a difficult case", মই নিজকে project কৰিছো, পৰীক্ষাৰ বাবে, dissectionৰ বাবে,—বৰ জটিল organism. কিবা এটাৰ অলপ আঁহ উলিয়াই আহোঁ আৰু হেৰাই যায়। বিচৰাটোৱে মোৰ যি interest, পোৱাটো অসম্ভৱ,—পোৱা অৰ্থাৎ সম্যকভাৱে জনাৰ কথা কৈছো। অৰুণা বোধ হয় গল,—ঘৰটো দূৰৰ পৰা খালি যেন দেখিছো। তুমিও চিঠি পত্ৰ নিলিখা। অসম্ভৱ, অকলে এটা ঘৰত আবদ্ধ হৈ থকা যে কি টান কথা এতিয়াহে মোৰ অনুভৱ হৈছে। মোৰ ধাৰণ৷ হয় যে মানুহ অকলে অসম্পূৰ্ণ আৰু বিকলাঙ্গ। এই কথাটো আদিতে বোধ হয় ভগৱানেও বুজা নাছিল (তোমালোকৰ ১২৭