পৃষ্ঠা:অলকালৈ চিঠি.pdf/১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 8 ) কলিকতা অলকা, তোমাৰ চিঠি দিয়াত পলম হোৱাৰ কাৰণে মই ক্ষমা কৰিব নোৱাৰিলো। ক্ষমা কৰিব পাৰি কোনবোৰ অপৰাধ,—যাৰ প্ৰতিকাৰ কৰিব নোৱাৰি। যেনে, ঘৈণীয়েকে গাখীৰ ভালকৈ ঢাকি থবলৈ পাহ- ৰিলে মেকুৰীয়ে খালে৷ হিচাপী গিৰিয়েকে দেখিলে যে মেকুৰীৰ পেটৰ পৰা সেই গাথীৰ উদ্ধাৰ কৰা টান, কাজেই ঘৈণীয়েকক সাৱধান কৰি দি সেই দিনাখনলৈ তেওঁক ক্ষমা কৰিলে। আমাৰ মেছত থকা ল'ৰাবোৰৰ অভ্যাস—ধোবা আৰু চাকৰক ক্ষমা কৰাটো। ধোবাই আমাৰ আধা পুৰণি চুৰিয়া ফালিলে কওঁ— “ইবেলি দাম নাকাটিলো,—মোৰ নতুন চুৰিয়াখন তেনেই ফালি আনিছ,—ইয়াৰ পিছত কিন্তু চাবি। এইবাৰলৈ' তোক ‘মাফ’ কৰিলো। ” তেনেকৈ চাৰক কিবা আনিবলৈ দিলেই সি যেতিয়া দুই এপইছা ‘ফাও' মাৰে তাক কওঁ—“মই জানো, তই পইছা খাইছ, কিন্তু ভৱিষ্যতলৈ এনে কৰিলে তোক উলিয়াই দিম,—এইবাৰলৈ ক্ষমা কৰিলো।” তোমাৰ কাম এই শাৰীত যে নপৰে তুমি বুজিবই ১৬