পৃষ্ঠা:অলকালৈ চিঠি.pdf/১১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(AQ) ছিলঙ অলকা, কেবা দিনে৷ বৰষুণৰ পিছত আজি ৰাতি পুৱাটো বৰ ধুনীয়া হৈছিল। আকাশখন তেনেই নিৰ্ম্মল আছিল, সূৰ্য্যৰ কোমল ৰশ্মিৰে আকাশখন ভৰি পৰিছিল। সূৰুযৰ প্ৰথম জ্যোতিবোৰ তাৰৰ দৰে চোকা আৰু ৰামধনুৰ দৰে মনোৰম আছিল। ম‍ই চাহটোপা গিলিয়ে ফুৰিবলৈ ওলালো, কবই নোৱাৰিলো, — শ্ৰীমতী অৰুণাৰ ঘৰত ওলালো গৈ। অৰুণাই মোক দেখি পিৰালিৰ পৰা জঁ পিয়াই নামি আহিল। তেওঁক বৰ সজীৱ দেখা গৈছিল। আৰু আহিয়ে তেওঁ মোৰ হাতখনত ধৰিলে। তেওঁ মোক সুধিলে, মোৰ লগত অলপ দূৰলৈ ফুৰিবলৈ যাব পাৰিব নে? ম‍ই কলো— “যদি লাহে লাহে যোৱা।” তেওঁ ওলাল। দুয়ো ফুৰি আহি তেওঁলোকৰ তাতেই সোমালো। তেওঁ চাকৰক চাহ আনিবলৈ কলে। তেওঁ এখন হেলনীয়া চকিত আউজি বহিল, – মই এখন বেতৰ চকিত বহিলো। তেওঁ জুৰ হাঁহি এটাৰে সৈতে কলে— “মোক ক্ষমা কৰিব, মোৰ অলপ ভাগৰ লাগিছে, মই অলপ আয়মত বহোঁ।” “বহা”—মই কলো। - তেওঁৰ গালত নতুনকৈ তেজৰ ৰঙা ফুটুকনিবোৰ দেখা দিছিল। মুখৰ ওপৰত এটা নতুন সৌন্দৰ্য্যই প্ৰভাৱ বিস্তাৰ কৰিছিল। তেওঁৰ ওঁঠ দুটাৰ মাজেদি খীণ হেঙুলীয়া ব্যৱধান, চকুত মিচিকিয়া এটা হাঁহিৰ