পৃষ্ঠা:অলকালৈ চিঠি.pdf/১১১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

SPRINTERS থাকিবলৈ টান পোৱা তেনেহলে বহিটো শেষ হলে এবাৰতে পঠিয়াই দিবা। যদি গ্ৰন্থকৰ্ত্ৰীৰ ভূমিকাত ভাও দিব খোজা তেনেহলে উছৰ্গাপ এখন মাৰি তাতে লিখি দিবা— “মোৰ অৱজ্ঞাৰে সৈতে —এজন মূৰ্খ লৈ।” মই তাকেই উৰাই ঘূৰাই পঢ়িম আৰু তোমাৰ সকলোসোপা বিদ্য্যা মই কণ্ঠস্থ কৰিম। পঢ়া কিতাপ সম্বন্ধে মোক সুধি উপহাস কৰা কিয়? পঢ়া বিষয় নিজ কচিয়ে মোৰ বিবেচনাভ উচিত পথ প্ৰদৰ্শক। তুমি অকল কিতাপ পঢ়িলেই হব নে? সংসাৰৰ গুৰু ভাৰ লবলৈকো বোধ হয় লাজু হবৰ হৈছে। এইবোৰ বিষয়ত মাৰাই উপযুক্ত শিক্ষয়িত্ৰী হব। মোৰ মনটো বেয়া লাগিলে কি কৰিম তুমি কৈ অপঠিৱা কিয়? তোমাৰ বেলেগ অস্তিত্বটোও মোৰ পক্ষে কেতিয়াবা অসহা হয়। বহুতবোৰ অসহাক সহ্য কৰিয়ে জীৱনটো কটাওঁ নহয় নে? 'জীৱনটো anomalous। ইতি ১১৭ তোমাৰ— প্ৰকাশ