পৃষ্ঠা:অলকালৈ চিঠি.pdf/১১০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ments তোমালোকে নিডিয়া নকৰিবা তাকেই বা কোনে কব পাৰে? মই সন্তোষ পাইছে৷ যে তুমি মোক ক্ষমা কৰিছা। শ্ৰীমতী অৰুণাৰ বিষয়ে তুমি সুধিছা আৰু আন্তৰিকতাৰে সুধিছা দেখি মই সন্তোষ পাইছো৷ অৰুণাৰ আগত শ্ৰীমতীটো নিদিলে তোমাৰে সৈতে একাকাৰ হৈ যায় যেন পাওঁ, সেই কাৰণেই এটা শব্দ সদায় বেছিকৈ লিখিব লগীয়া হয়। তেওঁ এতিয়া বাহিৰলৈ ওলোৱা মিলোৱ৷ কৰে, চোতালতে অলপ ফুৰে, সহজ পাঠ্য কিতাপ পঢ়ে, মোৰ লগত ধেমালি কৰে, আয়াজনীৰ দোষ ধৰে, খুৰাকক নিজৰ মনত লগা বস্তু আনিবলৈ কয়, দেউতাকলৈ চিঠি লিখে, মাকজনী মাহী মাক। তেওঁৰ ভয়টো গৈছে। তেওঁৰ যে একো দুৰাৰোগ্য নৰিয়া হোৱা নাছিল এতিয়াহে বিশ্বাস কৰিছে। চুলি কেডাল এডলীয়াকৈ বেণী গোথে। কেতিয়াবাহে খোপা বান্ধে। যেতিয়া ওঁঠ দুটা চেপি খৰি স্থিৰভাৱে চকুৰে চায়, তেতিয়া জানিবা, কিবা ভাবিছে। স্বভাৱতে অলপ লাজকুৰীয়া, খং উঠিলেহে যিহকে পায় তাকে কয়, প্ৰায়ভাগ বক্ৰোক্তিত। মই কৈছে৷ যে তেওঁ এগৰাকী ভাল ঘৈণী হব। গা ভাললৈ আহিছে আৰু বোধ হয় সৰহ দিন ইয়াত থকাৰ আৱশ্যক নহব। তুমি কেনেকৈ সময় নিয়াবা মোক সুধিছা? এটা দুই দিস্তা কাকতৰ যহি কৰি লবা। তাতে মোলৈ চিঠি লিখিবা। লিখি যাবা, লিখি যাবা, যেতিয়া আমনি লাগে যি কেইখন লিখা হল সেই কেইখন ফালিলৈ মোলৈ বুকপোষ্ট কৰিবা। আৰু যদি তেনেকৈ মাজে মাজে পঠিয়াই ১১৬