পৃষ্ঠা:অলকালৈ চিঠি.pdf/১০৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 39 ) ছিলঙ অলকা, চৌধাৰীয়ে কেতেকীত কি লিখিছিল— “যতে ততে আৰু গাভৰুক লৈ নাগাবি কিজানো (? ) গান, কোমল প্ৰাণত সাঁচ বহুৱাই নামাৰিবি চোকা বান।” নে কি? মই তোমালোকৰ প্ৰাণ লৈ গান গোৱা বুলি ভাবিছা, কেৱল ধেমালি কৰা বুলি ভাবিছা? মোক তোমালোকে জুৰুলা কৰিলা, ভাগ্যে টকা পইচাৰ জুৰুলা নহয়। তুমি সুধিছা—'ভূমিকম্প গল নে?” গলতো, ১৮৯৭ চনতে গল। এটা কথা দেই কিন্তু লিটন প্ৰণীত “পম্পেয়াইৰ প্ৰলয় কাহিনী”ৰ ভূঁই-কঁপটো ভাল। সেই গোলমালৰ মাজত গ্লোকাচ আৰু আইয়নে যেতিয়া সাধাৰণ বিপদৰ মাজেদি পৰস্পৰৰ সান্নিধ্যখিনি উপভোগ কৰিবৰ সুযোগ পাইছিল। মোৰ কিন্তু দৃষ্টি শক্তি হীনা নিডিয়াৰ বাবে আজিও অন্তৰে কান্দে। কেতিয়াবা যে মোকেই ১১৫