পৃষ্ঠা:অলকালৈ চিঠি.pdf/১০৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উফৰিছো। তুমি আজি কৰা, ম‍ই তোমাক নিৰ্দৱ ব্যৱহাৰ কৰিছো। তুমি কান্দিবা, তুমি জগতক শাপিচা, তুমি স্ত্ৰীজন্মক ধিক্কাৰ দিবা। আজি এই সকলোৰে বাবে মই সাজু আছো। কথাৰে তোমাক আশ্বাস নিদিওঁ, কাওঁ-বাওঁ কৰি তোমাৰ দয়া ভিক্ষা নকৰোঁ। যদি তোমাক যুক্তিৰে মোৰ মনৰ ভাব বুজাব নোৱাৰোঁ, অন্তৰৰ উত্তাপেৰে তোমাক ঘূৰাব নোখোজে॥ চোৱা,—মোৰ ভাল পোৱাৰ একো অৰ্থ নাই, এটা তৃপ্তি; Pure fancy। জগতৰ ভাল পোৱাৰ কি অৰ্থ ম‍ই নুবুজোঁ, যদি বুজোও, অলপ অস্পষ্ট। তেনেকৈয়ে মই তোমাক ভাল পাইছিলো, আৰু যদি ধৰা আন এজনী ছোৱালীক ভাল পাইছো— তোমাৰ প্ৰতি মোৰ আস্থাটো কেনেকৈ কমিল? ম‍ই কালিদাসকে। ভাল কবি বুলিলো, ভবভূতিকো ভাল বুলিলো, তেওঁলোকৰ কাৰবাৰ ক্ষতি হল নে? মোৰ যদি বিচাৰ শক্তিৰ হ্ৰাস হৈছে সেইটো বেলেগ কথা, —কিন্তু কবিবোৰৰ অনিষ্ট কি? মই কলো—মই গোলাপৰ গোন্ধও ভাল পাওঁ, যুতি গোন্ধও ভাল পাওঁ,—কোনোবাটো ফুলৰ সম্ভ্ৰম কমিল নে? যদি মই এটাক স্থানচ্যুত কৰি আনিলোহেঁতেন সেইটো নহয় বেলেগ কথা। মই অনুমান কৰে। তোমালোকে কৰা— “আমাৰ তিৰোতাবোৰৰ বা ছোৱালীবোৰৰ কথা আপুনি নুবুজে।” মই বুজোঁ, মই দেখিছোও। তোমালোকৰ কোনো এগৰাকী ছোৱালীৰ প্ৰতি প্ৰকৃত আত্মীয়তা বা সহানুভুতি নাই। এটা ল'ৰাই এটা কাম কৰিব নোৱাৰে, বয়সিয়াল মানুহটোৱে অলপ ধৈৰ্য্য ধৰি তাক শিকাই দিয়ে, বহুত সময়ত মৰমেৰে ১১২