( ৩ ) ছিলঙ অলকা, মই পৰা হলে পৰীক্ষাৰ আগতে তোমাক এই চিঠিখন নিদিলো হয়। একো একোবাৰ ভাবোঁ যে এই পৰীক্ষাবোৰকো অযথাভাবে প্ৰাধান্য দিছো। এই পৰীক্ষ৷ সীতাৰ অগ্নি পৰীক্ষা নহয় যে ৰামৰ সকলো সঙ্কোচ, সন্দেহ, দ্বিধা, তাৰ দ্বাৰাই খণ্ডন হব, অথচ ৰামে সেই পৰীক্ষাৰ ফলৰ ওপৰঙো শেষলৈ আস্থা ৰাখি থাকিব নোৱাৰিলে। সীতা বোধ হয় নিতান্ত নিৰীহ ছোৱালী আছিল! তোমাৰ এই পৰীক্ষা, তথা কথিত বি,এ পৰীক্ষা, — ইয়াৰ ওপৰত কি নিৰ্ভৰ কৰে? িিবদ্যাৰ মাপ কাঠি? চাকৰি লাভৰ আহিলা? ভদ্ৰতাৰ আসন? সমাজত সন্মান? অলপ যদি নিৰপেক্ষ ভাৱে চোৱা দেখিবা—এটা অন্যায্য মূল্য নিৰূপণ,—artificial values. পঢ়িছা পঢ়া, পঢ়াত যোগ্যতা লাভ হয় অৱশ্যে, — ডিগ্ৰীলাভত যোগ্যতা নিৰূপণ নহয়। এইবোৰ শিক্ষালয়ৰ মাজেৰে নগলে আন ঠাইত আমাৰ শিকিবৰো ঠাই নিচেই কম, সেয়েহে এনে অৱস্থা, নহলে ভাৰতৰ মানুহবোৰ তেনেই মূৰ্খ নাছিল। বোধ হয় এটা বলিয়ালি,—এটা craze। মই অৱশ্যে ভাবটো একে বেলিয়ে ঢাকি দিব পাৰে৷ কিন্তু দিয়া উচিত হব নে সেই বিষয়ে - ভাবিছো। তোমালোকৰ মনস্তত্ত্বই কি কয় মই নাজানো, কিন্তু হেঁচি দমাই থোৱা ভাববোৰৰ এটা প্ৰতিক্ৰিয়া মানুহৰ শৰীৰততো আছেই,
পৃষ্ঠা:অলকালৈ চিঠি.pdf/১০২
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/a/a1/%E0%A6%85%E0%A6%B2%E0%A6%95%E0%A6%BE%E0%A6%B2%E0%A7%88_%E0%A6%9A%E0%A6%BF%E0%A6%A0%E0%A6%BF.pdf/page102-1024px-%E0%A6%85%E0%A6%B2%E0%A6%95%E0%A6%BE%E0%A6%B2%E0%A7%88_%E0%A6%9A%E0%A6%BF%E0%A6%A0%E0%A6%BF.pdf.jpg)