পৃষ্ঠা:অলকালৈ চিঠি.pdf/১০১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তোমালোকৰ ইন্দ্ৰ সম্বন্ধে মোৰ নিজৰ বৰ ভালকৈ ধাৰণা নহয়। “ইন্দ্ৰায় খৃষ্ট”, “অগ্নয়ে স্বাহা” এনেবোৰ যেতিয়া গোৱ৷ মোৰ মনত ধাৰণা হয় যে এটা শক্তিমান দেৱতাকে পূজা কৰিছা, কিন্তু তোমালোকৰ পুৰাণবোৰত ইন্দ্ৰক কদাকাৰ ক্ষমতালিপু, ভীৰু, বিলাসপ্ৰিয় ৰজা এজন কৰিছা যেন লাগে। শাস্ত্ৰ সম্বন্ধে মোৰ জ্ঞান নাই বুলি তোমাক আগতে কৈছো, একে1 অপৰাধ নধৰিবা। মোৰ যিমানদূৰ অনুমান ইন্দ্ৰৰ ৰাজ্যত এস্পান্ট, দিয়া ম’টবে ল্‌ ৰোড বহুত আছে, অকলশৰীয়া ড্ৰাইভৰ বাবে 'বিউটিফুল' ঠাই। যদি কোনোবা অপ্সৰাই ভলান্টিয়াৰ কৰে, বোধ হয় তেওঁকো এটা লিফট দিব পাৰা। নহলে, ‘নন্দন-ষ্টেণ্ডত' গাড়ীখন থৈ গধূলি অলপ নন্দন-ফুলনিত ফুৰবলৈকে। বেয়া নালাগিব। আমি যদি মাতলিৰ নিচিনা বিলায়েবল ড্ৰাইভাৰ এটা পাওঁ—পিছৰ ছিটত দুয়ো বহি কেইমাইল মান ফুৰিয়ে আহিব পাৰে॥ শুক্লা অষ্টমীৰ জোন যদি কাষৰীয়াকৈ উঠে, পাৰিজাতৰ সুঘ্ৰাণে যদি গোটেইখন আমোল মোলাই যায়,—তুমি গাড়ী ৰখাবলৈ নকবা। বিশ্বৰ পাৰলৈকে, স্বৰ্গৰ মূৰলৈকে আমাৰ যান যাব, যদি ঘূৰি আহিবৰ বাট নাপাওঁ, নাপালোৱে বা? ঘড়িত বাৰ বাজে, মই শোওঁগৈ দেই। তুমি সপোনত নাহিবা, ৰাতি আৰু স্বৰ্গলৈ নোলাওঁ। শ্ৰীমতী অৰুণাই এতিয়া অলপ উঠা বহা কৰিব পাৰে। তেওঁক সোনকালে বাহিৰত আনি ৰখাৰ আয়োজন কৰিব লাগিব। আমাৰ দুয়োৰে শুভ ইচ্ছা গ্ৰহণ কৰিবা। . ইতি তোমাৰ প্ৰকাশ