পৃষ্ঠা:অলকালৈ চিঠি.pdf/১০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

amelia fare (0) কলিকতা অলকা, তুমি পৰীক্ষাত ভাল কৰা বুলি শুনি আনন্দ পালোঁ। ইয়াৰ পিচত কি কৰিবা, —কলেজত পঢ়িবা? সেইটো নহয় পিছৰ কথা, এতিয়া সম্প্ৰতি কি কৰিবা? কিতাপ পঢ়িবা? ছোৱালীয়ে কিতাপ পঢ়াতকৈ বা হাৰমনিয়ম লৈ গান গোৱাতকৈ গুণগুণকৈ দুফাকি বিয়াৰ গীত গাই তাতত বহি মাকো মৰাটো ভাল দেখি। মাকোটো হাতত লৈ কেৰাহিকৈ যেতিয়া চায় তেতিয়া আৰু ভাল দেখি, তাতোকৈ ভাল দেখি যেতিয়া মাকে বা দেউতাকে মাতিলে আউলি জাউলি অৱস্থাতে খৰধৰকৈ উঠি ওলাই যাব খোজে। এইবোৰ মোৰহে মনত লগা চিত্ৰ, তোমালোকৰ আগত আদৰ্শ হিচাপে দাঙি ধৰিবলৈ নহয়। মই যিটো কথালৈ আৰম্ভ কৰিছিলো সেইটো প্ৰায় পাহৰিয়ে গৈছো। ‘তুমি কি কৰিবা'ৰ অৰ্থ তুমি কিতাপ পঢ়িবা নে পুথি পঢ়িবা এইটো মোৰ সোধাৰ উদ্দেশ্য নহয়। মোৰ উদ্দেশ্যটো তোমাক কবলৈ টান পাইছো। তোমাৰ নিশ্চয় এতিয়া আহৰি বেছি হব, অকলে বহি বহি কি ভাবিবা? তুমি যিহকে নাভাবা, ম‍ই কিয় সোধো,—তুমি চাগৈ এনেকৈ ভাবিবা। তুমি কি ভাবা সেইটো মোৰ জানিবলৈকে ভাল লাগে। ভাৰত মগ্ন থকা অৱস্থাত তোমাক দেখিবলৈ কেনে হব মই ইয়াৰ পৰাই অনুমান কৰিব পাৰোঁ, কিন্তু তোমাৰ ভাববোৰ মই ৰঙাই যাব পৰা হলে কেনে আনন্দ পালে৷ হয়। অন্যায় কথা কলো