পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৯০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰামায়ণ বুলিলন্ত ৰাঘৱৰ চৰণত ধবি। তোমাক এৰিয়া মই যাওঁ কেনে কৰি॥ চৈধ্যয় বৰিষ খাটিবাহা বনবাস। তযু দুখে আমাৰ জীৱনে নাহি আশ॥ ২৫৮৫ পৰম দাৰুণ বোল আমাক বুলিলা। হানিলাহা আমাৰ হিয়াত বজ্ৰশিলা॥ তযু আজ্ঞা পালি দেশ চলিবো নিশ্চয়। পাৰন্তে কি জীয়ন্ত৷ পৰাণী কি নময়॥ ২৫৮৬ তোমাৰ দুইখানি পানৈ প্ৰভু দিয়ে৷ মোক। মাথাত ধৰিয়৷ তাক পাশৰিবে৷ শোক॥ সেহি পানৈজুৰি সিংহাসনত থাপিবো। তাকে বাজা পাতি সবে ৰাজভাব দিবো॥ ২৫৮৭ তোমাৰ চৰণ সেৱা তাহাতে কৰিবো। বনবাস ব্ৰত যত গৃহতে ধৰিবো। ভৰতৰ ভকতিক ৰাঘৰে দেখিল। কুশৰ খৰমজুৰি পাছে তাঙ্ক দিল॥ ২৫৮৮ এক ঋষি থানত পাইলন্ত ৰঘুনাথে। সাদৰে ভবতে তাক চৰাইলন্ত মাথে॥ ফুবি ফুৰি প্ৰদক্ষিণ কবিয়া ভৰত। প্ৰণামিলা ৰামক ধৰিয়া চৰণত॥ ২৫৮৯ শিৰত ধৰিয়া আছিলন্ত কতোক্ষণ। সলোতক মনে পাচে বুলিলা বচন॥ তোমাৰ চৰণ মই তেজিয়া অভাগী। তযু আজ্ঞা পালি যাওঁ অযোধ্যাক লাগি॥ ২৫৯০ থাকিয়োক বুলি পুনু কবিলা প্ৰণাম। কান্দন্তে চলিলা মুখে বুলি ৰাম ৰাম॥ ৰাম দেশ যাইব হেন' আশা গৈল টুটি। নিৰন্তৰ লোকে কান্দে পৃথিবীত লুটি॥ ২৫৯১ ঋষিবৰ্গে কান্দন্ত নুহিকে চিত্ত শাঁত। পৰম আকুলে কান্দে যত নট ভাট॥

  • সীতায়ে ৰাঘৱে কান্দে আশ্ৰমত পৰি।

সকলে বৃক্ষৰ ফল ফুল গৈল খসি॥ ২৫৯২ আনো ঋষি কান্দে কুশাসনত বসিয়া। বন জন্তু কান্দিলেক আহাৰ তেজিয়া॥ ভৰতৰ কান্দন্তে শৰীৰ ভৈল জীণ। চিত্ৰকূট পৰ্ব্বতকো কৰি প্ৰদক্ষিণ॥ ২৫৯৩ পৰিবৰ্ত্তি পাইলা পাচে ভৰদ্বাজ ঠাৱ। নমিলন্ত ভৰতে ঋঋষিৰ দুই পাৰ॥ পুছিলন্ত বাৰ্ত্ত৷ পাচে ঋষি ভৰদ্বাজে। কহিলা ভৰতে বসি ঋষিৰ সমাজে॥ ২৫৯৪ মনে বিমৰিষি ঋঋষি ৰাৱণ বিনাশ। ভৰতৰ বোলে কিছু কৰিলন্ত হাস॥ গুহ ৰাজা গৈলা পাচে শৃঙ্গৱেৰ পুৰে। অযোধ্যাক ভৰতে দেখিল৷ কতো দূৰে॥ ২৫৯৫ নোশোভে নগৰি যেন প্ৰজা ভৈলে হীন। চন্দ্ৰ সূৰ্য্য বিনে নোশোভয় ৰাতি দিন। ভৰতে বুলিলা পাচে হুমন্ত্ৰক বাণী। অযোধ্যানগৰ দেখিয়োক মহামানী॥ ২৫৯৬ স্বৰ্গতো অধিক কৰি যাব কীৰ্ত্তি গৈল। হেন পুৰী যেহেন শ্মশান শাল ভৈল॥ ৰাম দশৰথে চিৰি গৈলন্ত সঙ্কলি। হাটথান মলিন যেহেন শূন্য স্থলি॥ ২৫৯৭ কৈকেয়ী মাৱে ভৈলা প্ৰচণ্ড অগনি। শুকান অৰণ্য প্ৰজা লাগি গৈল ছমি॥ জাজ্জ্বল্য সমান ভৈল ৰাগ হিংসা বাৱে। প্ৰজা অবণ্যক দহি অগনি উধাৱে। ২৫৯৮ সববাজ পুবি দশৰথ গৈল৷ চলি। অযোধ্যানগবী ভৈল যেন পোবা থলি॥ অযোধ্যা নদীত ভৈলা দশৰথ জল। কৈকেয়ী ববিজালে শুষিল সকল॥ ২৫৯৯ প্ৰজা মৎস্য কচ্ছপ তীৰত পৰি মৰে। ৰাম শোক মৎস্য ৰঙ্গে খেদি খেদি ধৰে॥ শোকানলে ভৈল যেন জল সাগৰৰ। তাতে খেদিলেক যেন কুঞ্জৰ কন্দৰ॥ ২৬০০ বন্ধুজন সমে থাকিলন্ত বিমৰিসি। সব জন আপুনি গৈলন্ত দিশাদিশি॥ শুনা সভাসদ ৰাম চৰিত্ৰ সকল। বোলা ৰাম ৰাম ইসি পৰম মঙ্গল॥ ২৬০১