অযোধ্যাকাণ্ড জ্যেষ্ঠৰেসে ৰাজ্য কনিষ্ঠৰ নোহে যোগ৷ এৰিয়োক মন্যু কৰিয়োক ৰাজ্যভোগ॥ ২৫৬৮ কুলগুৰু পুৰোহিত বোলন্ত বশিষ্ঠ। কি কাৰণে ৰাঘৱ কৰাহা মনে নিষ্ঠ॥ নিৰ্দ্দয় উচিত নোহে ক্ষমা কৰিয়োক। মন্যু পৰিহৰিয়া দেশক চলিয়োক॥ ২৫৬৯ তোমাৰ শোকত ৰাজা তেজিল শৰীৰ। ৰাত্ৰি দিনে শোক মাত্ৰ তোমাৰ মাতৃৰ॥ সকলে ৰাজ্যৰ লোকে হৰিস কৰন্ত। তোমাক দেখিয়া সবে শোক পাসৰন্ত॥ ২৫৭০ কৌশল্যা বোলন্ত ৰাম বচন বাধস। হেন গ্ৰহ আগ্ৰহ কৰি কাৰ্য্যক সাধস॥ ৰঘুবংশে হুয়া মোক বধিবে খোজস। গঙ্গাজল এৰি কূপজলত নাৰস॥ ২৫৭১ সকল প্ৰজায়ে বেঢ়ি বুলিলেক বাক। যায়োক যায়োক বুলি কোলাহল ডাক॥ তথাপিতো ৰামৰ বনেসে বিমৰিষ। কৌটিয়েক নদী সাগৰত কৰে কিস॥ ২৫৭২ ৰামৰ ধৰ্ম্মতত্ত্ব ব্যাথ্যা, ৰামৰ খৰম মূৰত লৈ ভৰতৰ অযোধ্যা প্ৰত্যাগমন। সবাকে৷ বোলন্ত ৰামে কৰি দৃঢ় মন। সবে লোকে মোক গ্ৰহ কৰা কি কাৰণ। জলৰ বুদ্ধদ যেন অথিৰ জীৱন। আমি কেনে এৰিবোহে৷ বাপৰ বচন॥ ২৫৭৩ নৃপতি তিলক যত জগতে বখানি। মৰি মৰি গৈল যেন জোৱাৰৰ পানী॥ চক্ষু নেদেখিলো তাক শুনিলো শ্ৰৱণে। আছিল নাছিল হেন পতিয়াইব কোনে॥ ২৫৭৪ পুৰুকুচ্ছ ধুন্ধুমাৰ নৃপতি দিলীপ। চক্ৰবৰ্ত্তী ভৰত সগৰ ৰঘু নৃপ॥ ভগীৰথ যযাতি মান্ধাতা হেন বীৰে। সবে মৰি মৰি গৈলা যমৰ মন্দিৰে॥ ২৫৭৫ বলি ৰায়ৰ পয়াণত ভুবন টলিল। বামন স্বৰূপে তাকো বিষ্ণুএ ছলিল | ১১ ৮১ বৰিষণ জল যেন শোষ৷ ৰবিজালে। সংহৰয় সবাকো দুৰ্ব্বাৰ যমকালে॥ ২৫৭৬ পূৰ্ণচন্দ্ৰমাৰ কান্তি হৰয় সকল। যেৱে শুকাই পৰে সাত সাগৰৰ জল॥ পাতাল পৰ্য্যন্তে সাতো পৃথিবী নশয়। মেৰু মন্দৰক আদি গৰ্ব্বত খসয়॥ ২৫৭৭ সূৰ্য্য আদি গ্ৰহ খসি ভূমিত পৰিব। তথাপিতো আমি পিতৃবাক্যক নেৰিব॥ প্ৰাণৰ সংশয় যেবে মিলয় আমাৰ। তথাপিতো নযাইবে মোহোৰ অঙ্গীকাৰ॥ ২৫৭৮ মোহোৰ বচন নিষ্ঠ জানিয়া মনত। অযোধ্যাক লাগি চলা উলটি ভৰত॥ যাৱে ছন্ন নতো হোৱে মোৰ পিতৃৰাজ। তাৰত ভৰত গৈয়া চাৱা ৰাজ কাজ॥ ১৫৭৯ কৌশল্যা সুমিত্ৰা মাৱ মৰিৱন্ত শোকে। ভালে দুইকো পালিবি জুৰাইব দেখি তোকে। কৈকেয়ী মাৱে মন্দ চিন্তিলা আমাক। মোৰ দৈব আছে কোনে বাধিবেক তাক॥ ২৫৮০ তাঙ্ক কোপ নকৰিবি দেখোহে৷ সঞ্জাত। এতিক্ষণে মোহোৰ মাথাত দেস হাত॥ মোৰ বাক্য বাধিয়া নলম ৰাজ্য ভাৰ। জীৱ মানে তেবে তোক নমাতিবে! আৰ৷ ২৫৮১ জানিয়া কমন জনে ব্ৰাহ্মণ বধিব। কমন অধমে হুৰা পানক কৰিব। কোন জনে ব্ৰাহ্মণৰ হুৱৰ্ণ হৰিব। অগম্যাগমন পাপ কমনে কৰিব। ২৫৮২ ভৃত্য হুয়া ঈশ্বৰৰ বোল' নকৰিব। কমন মুগুধে গুৰুবচন বাধিব। I ইসব পাতেক কৰিবোহো কেনে জানি। নজাইবো দেশক বুলিলোহো সত্যবাণী॥ ২৫৮৩ আসিলি ভৰত তই মোক পৰীক্ষিত। যেন শিশুমতি মোৰ নজান চৰিত। ৰামৰ নিষ্ঠুৰ বাণী শুনিয়া ভৰত। যেন বজ্ৰপাতে দুখ মিলিলা মনত॥ ২৫৮৪ 1 DISTRICT LIBRARY. TEZPOR
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৮৯
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই