অযোধ্যাকাণ্ড মাতৃ আৰু ঋষি সকলৰ সৈতে ৰামব সাক্ষাং আৰু কথাবাৰ্তা। লক্ষ্মণে বোলন্ত মই নৰক সাধিলো। বাপক নিষ্ঠুৰ বুলি পুনু নেদেখিলো। শ্ৰীৰাম লক্ষ্মণ সীতা কান্দিলা বহুত। প্ৰবোধিয়া বুলিলন্ত কৈকেয়ীৰ সুত॥ ২৫৩৯ উঠা উঠা দদা শোক এৰিয়োক সৰ্ব্ব। বঘুৰ বংশৰ সবে তোমাতেসে গৰ্ব্ব॥ নিৰন্তৰে প্ৰজাব তুমিসি নিজ নাহা। ক্ৰন্দনত ত্যজিয়া অঞ্জলি কাৰ্য্য চাহা॥ ২৫৪০ মাজ কৰি সীতাক লক্ষ্মণ ভৈলা আগ। পাচে ৰাম চলন্ত বিষাদে নেৰে লাগ॥ জানকীক আগ কবি জলত নামিল। নদীজলে বুব দিয়া অঞ্জলি কৰিল। ২৫৪১ ইঙ্গ দীব দ্ৰৱ আম জাম আদি ফল। একখান কবিলন্ত মন্দাকিনী জল। কুশ পাৰি ভূমিত উপৰে পিণ্ড দিল। হেৰা পিণ্ড লোৱ| বনে যেহেন মিলিল॥ ২৫৪২। দক্ষিণক সমুখে অঞ্জলি দিল জল। নান্টিল ভূমিৰ ভোগে ভুঞ্জা বনফল॥ তিতাছালে পাইলা গৈয়া থান আপোনাৰ। দশৰথ ৰাজাৰ যতেক পটেশ্বৰী। ধীৰে ধীবে দ্বিজে নেন্ত প্ৰতিপাল কৰি॥ কতোবেলি গৈয়া মন্দাকিনী কুল পাইল। কৌশল্যায়ে সুমিত্ৰাক মাত পৰুজাইল॥ ২৫৪৬ দেখন্ত সুমিত্ৰাক বাম নাহিবাৰ ঘাট। হেৰ দেখ লখাই পানী বহিবাৰ বাট॥ কিনে৷ হুদুষ্কৰ কৰ্ম্ম লক্ষ্মণে কৰিল। ৰামত ভকতি বাজ্য ভোগক এৰিল॥ ২৫৪৭
- কুশৰ উপৰে দেখিলন্ত নানা ফল।
ৰামেসে কৰিল পিতৃ কৰ্ম্মক সকল॥ হা কিনো প্ৰভু ভৈল বিপত্তি তোমাৰ। ৰাজভোগ এবি বনফুল ভৈল সাৰ॥ ২৫৪৮ মহাদই সবো শোক পাইল বহুতৰ। বহুত কান্দিয়া পাশ পাইলন্ত বামব॥ ৰামচন্দ্ৰ আছন্ত সভাৰ মাজে বসি। স্বৰ্গহন্তে যেন ইন্দ্ৰদেৱ আইলা খসি॥ ২৫৪৯ ৰাম সীতা লক্ষ্মণব অবস্থা দেখিল। মহাশোক উথলিয়া সবাকো পীড়িল। কৌশল্য৷ সুমিত্ৰা আদি মহাদই যত। তিনিহস্তে বৰ শোকে কান্দিলা অপাব। ২৩৪৩ : গুণক বৰ্ণায়া ধৰি কান্দত শোকত। ২৫৫০ ভবতৰ লক্ষ্মণে গ্ৰাৰাত ধৰি টানি। আস বাপ বুলিয়া কান্দিল দীৰ্ঘ বাণী॥ ৭৯ প্ৰজা সবে শুনিলেক ক্ৰন্দনৰ ৰাৰ। নিৰন্তৰে লোক সবে চালিলেক গাৰ॥ ২৫৪৪ ৰাঘৱক দেখি ক্ৰন্দনৰ কোলাহল। প্ৰলয় কালত যেন সাগৰ আস্ফাল॥ যাক যেন যোগ্য ৰামে আশ্বাস কৰিল। কাহাকে৷ হিয়াত কোলে সাৱটি ধৰিল॥ ২৫৪৫ হা সীতা সতী আই জনকৰ জীৱ। তোব দুখ দেখি আই কেনে ধৰো জীৱ। সুন্দবৰ বদনশ্ৰী হবিল সকল। শিশিবে বিনন্ট যেন শোভিত কমল॥ ২৫৫১ হৰি হবি বাম দশৰথব তনয়। লখাইৰ বিপত্তি দেখি দহৰে হৃদয়॥ চক্ষু চল চল কবি প্ৰণামিল ৰাম। দেখি ৰাম মুখ শোক ভৈল উপশান॥ ২৫৫২ সূৰ্য্যৰ তাপত দেহা দহিল সকল। চন্দ্ৰৰ বশ্মিয়ে যেন কৰিলে শীতল॥