পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৭৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

90 ৰামায়ণ ধন্য তোৰ জীৱন সাকল তোব সাস। এতেক সৈন্যক আল ধৰিবাক চাল॥ ২৪১৭ প্ৰশংসি ভৰতে হবিসক বব পাইল। মনুষ্য পঠাইয়া সব সম্ভাব অনাইল॥ ভক্ষ্য ভোজ্য মৎস্য মাংশ বহু ফলমূল। থানে থানে থোৱাইল পৰ্বত যেন থুল॥ ২৪১৮ ভৰতে সসৈন্যে পাছে আহাৰ কৰিল। দুয়ো ভাই কিছু শোক দুখ পাগৰিল। পৰ্ব্বত সমান শোকে পুনুহো জান্তিল। গুহ নৃপতিক পাছে সম্বুধি মাতিল॥ ২৪১৯ মোহোৰ দদাৰ শোক নুহি উপশাম। কোথা গৈয়া দেখিবো লক্ষ্মণ-সীতা-বাম॥ তিনিক হুমৰি আমি নিদ্ৰাক নপাওঁ। ইঙ্গুদি বৃক্ষৰ মূলে তৃণ শয্যা চাওঁ॥ ২৪২০ শ্ৰীবামৰ সন্তাপে দগধ ভৈলা চিত। মন উতপাত কবে ত্বৰিতে দেখিত॥ আগত কুমৰ দুই গুহ ভৈল পাছ। দেখাইলা দুইহাঙ্কো নিয়৷ ইসৄদিৰ গাছ॥ ২৪২১ দেখা হেৰা শ্ৰীৰামৰ তৃণ শন্যাখন। পহব ধৰিলে৷ মই মন্ত্ৰব লক্ষণ | দুই ভাই প্ৰভাততে নিম্মিলন্ত জট। সুমন্ত্ৰৰ মোৰ দেখি মিলিল সঙ্কট। ২৪২২ হুমন্ত্ৰ সহিতে এগা এবিলন্ত বথ। তিনি জনে ভূমি পাৱে ধৰিলন্ত পথ। গঙ্গ৷ পাব হুয়৷ ভৈলা বনত প্ৰবেশ। হুমন্ত্ৰ সহিতে পৰি কান্দিলো অশেন॥ ২৪২৩ ভৰতে বামৰ সিটে৷ তৃণ শয্যা চাই। শত্ৰুঘনে সনে কান্দিলন্ত হয়ে৷ ভাই॥ মহামৰ্ম্মে দুইৰো যেন প্ৰাণ যাই ফুটি। হা ৰাম বুলি কান্দে পৃথিবীত লুটি॥ ২৪২৪ ইসব অৱস্থা দেখি কেনে জীওঁ প্ৰাণে। তোমাৰ নিকাব মই পাপীৰ নিদানে॥ আশেষ কান্দন্ত দুয়ে৷ আৰ্ত্তনাদ কৰি। গুহৰাজ সুমন্ত্ৰ কান্দন্ত দুইকো ধৰি॥ ২৪২৫ হা ৰাম বুলিয়া কান্দন্ত চাবিজন। চমকি উঠিল শুণি কৌশল্যাব মন॥ শত্ৰুঘন ভৰতৰ শুনিলন্ত মাত। ৰাম বাম বুলি কান্দে শুনিলা সাক্ষাত॥ ২৪২৬ বুলিলা বচন পাছে হুমিত্ৰাক চাই। বামব অবাৰ্ত্ত। জানো পাইলে দুয়ে৷ ভাই॥ ৰাম বুলি অন্যথা কান্দিবে কি কাৰণে। ৰাম সীতা লক্ষ্মণৰ কিবা ভৈলা বনে॥ ২৪২৭ সুমিত্ৰা সহিতে এহি বুলি ৰাম মাৱে৷ মিণিলা তহিতে গৈৱা বিয়াকুল ভাৱে। শত্ৰুঘন ভৰত কান্দন্ত পবি দুই। কৌশল্যাৰ গাৱত লাগিল যেন জুই॥ ২৪২৮ কৌশল্যা সুমিত্ৰা ধবি দুইহান্তৰ গলে। দীঘ ৰাৱে কান্দিলন্ত হাকলে বিকলে॥ বৎসক নপায়া যেন ধেনু হামলাৰে। কুৰুই বিলাপ বেন কবে আৰ্ত্তৰাৱে॥ ২৪২৯ ঐ বাপ শত্ৰুঘন কহিও ভবত। ৰামৰ অবাৰ্ত্তা কিবা শুনিলি বনত॥ জানিলো তাতেসে দুয়ো কান্দ আৰ্তনাদে। প্ৰাণ ফুটি যায় মোব ৰানৰ বিষাদে॥ ২৪৩০ সত্বৰে কহিও কিবা ভৈল অথন্তৰ। | কিবা মন্দ বাৰ্ত্ত৷ বাপু পাইলিহি ৰামৰ॥ হা ৰাগ লক্ষ্মণ জানকী মোৰ আই। তোমাসাৰ বনে কিবা মিলিল বিলাই॥ ২৪৩১ কিসক নমাতা মোক ঐ বাপ ভৰত। কহিয়োক নিষ্ঠ কৰি মোহোৰ শপত॥