অযোধ্যাকাণ্ড দেখিলোহে৷ ৰামে যেন আশ্বাস কৰিল। আলিঙ্গি ধৰিয়া তান মাথে চুমা দিল॥ ২৪০২ জানি আঙ্ক ভালমতে কৰিয়ো সাদৰ। আতে হন্তে বাৰ্তা তুমি পাইবাহা ৰামৰ॥ ভৰতে দিলন্ত সুমন্ত্ৰক আজ্ঞাবাণী। আপুনি সৎকাৰ মন্ত্ৰী কৰা আঙ্ক জানি॥ ২৪০৩ শুনিয়া সুমন্ত্ৰ আথেবেগে গৈলা চলি। তুলিলন্ত হাসি দুয়ো দুহাঙ্কো আকুলি॥ গুহ নৃপতিক মন্ত্ৰী আলিঙ্গি ধৰিল। মধুৰ বচন বুলি আশ্বাস কৰিল॥ ২৪০৪ ভৰতক আগত দুইহন্তে৷ গৈলা চলি। দেখি ভৰতক গুহে কৰি কৃতাঞ্জলি॥ বিদূৰতে দেখি দন্ত্ৰতে পৰিলন্ত। পাছে জানু পাবি নম্ৰভাৱে ৰহিলন্ত॥ ২৪০৫ গুহৰ ভকতি দেখি ভৰত কুমৰ। প্ৰিয়বাক্যে পূজা কৰিলন্ত বহুতব॥ সুমন্ত্ৰ কহিছে মোত তোৰ গুণ যত। মহাশুদ্ধ ভাৱ তই বামত ভকত॥ ২৪০৬ ৰামৰ বৃত্তান্ত যত তুমি আছা জানি। কহিয়ো আমাত তান কল্যাণ কাহিনী॥ ৰামৰ বৃত্তান্ত তোত নাহি অবিদিত। কহিয়ো ৰামৰ বাৰ্ত্ত৷ হৌক থিৰ চিত॥ ২৪০৭ শুনি গুহ ৰাজ৷ পাছে বুলিলা বচন। কেনমতে জানিবো তোমাৰ শুদ্ধমন॥ ভালমন্দ তোমাৰ জানিতে মই চাওঁ। তেৱেসে ৰামৰ বাৰ্ত্ত৷ তোমাত জনাওঁ॥ ২৪০৮ কেনমতে কহিবোহে৷ ৰামৰ কাহিনী। পৰচিত্ত অন্ধকাৰ একোৱে নজানি॥ ভৰতে শুনিলা বাক্য গুহ নৃপতিৰ। বজ্ৰৰ প্ৰহাৰে হিয়া যেন ভৈল ছিৰ॥ ২৪০৯ C চাণ্ডালে গৰিহা মোক কৰিবাক পাইল। কৈকেয়ী মাৱেসে মোক দুৰ্যশ কৰাইল॥ চুইবে ভাল নহে সব জাতিতে৷ অধম। তাহাৰে৷ ৰামত ভৈল ভকতি উত্তম॥ ২৪১০ আমাক গৰিহা কৰে অধম চণ্ডাল। ই লাজত কৰি মোৰ মৰণেসে ভাল। এহিবুলি তেজি বীৰ দীৰ্ঘ নিশ্বাসক। মহা মনোদুখে পাছে বুলিলা গুহক॥ ২৪১১ যিবোল বুলিলা গুহ উচিত তোমাৰ। মাতৃসে দিয়াইল মোক ইসব সংসাৰ। মইটে৷ জানো ৰামেসে জীৱন মোৰ প্ৰাণ৷ পিতৃতে৷ অধিক মোৰ ৰামেসে প্ৰধান॥ ২৪১২ তান বনবাণ দুখ মাতৃৰ কাৰণে। তাহাঙ্ক নিবাক প্ৰতি প্ৰবেশিলো বনে॥ বামত কপট চিত্ত নাহিকে আমাৰ। কহিলো স্বৰূপকথা আগত তোমাৰ॥ ২৪১৩ পিতৃ তুল্য শ্ৰীৰামক আনিবাক যাওঁ। মিছা যদি বোলো ব্ৰহ্ম বধ পাপ পাওঁ। ভৰতৰ সত্য শুনি সহৰিস মনে। গুহৰাজে সম্বুধি বুলিলা তেতিক্ষণে॥ ২৪১৪ স্বৰ্গক সাধিলা তুমি ভবত কুমাব। ৰাম হেন শ্ৰেষ্ঠ ভাইত ভকতি তোমাৰ॥ সাফল জীবন তুমি মুকুতি সাধিলা। তুমি হেন ভাই বামে ভাগ্যেসে লভিলা॥ ২৪১৫ দশৰথ হত তুমি ৰাঘৱৰ ভাই। মোৰ ঘৰ জানা যেন আপোনাৰ ঠাই॥ ৰাতি গোট থাকিও অৰ্চনা কিছু কৰো। সকলে সেনাক এক সাঞ্জ আল ধৰো॥ ২৪১৬ হেন শুনি বুলিলন্ত ভৰত কুমাব। কিনো অদভুত দেখো শকতি তোমাব॥
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৭৭
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই