পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৬৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অযোধ্যাকাণ্ড লক্ষ্মণেও মোক মাৰিবাক সাজ ভৈল। বামৰ বচনে পাছে বাহুৰিয়া গৈল॥ ২৩০০ ভৰতে বোলন্ত শত্ৰুঘ্নৰ মুখ চাহি। মৰাক মাৰিলে আৰো কিছুফল নাহি॥ কুঁজী পৰ চেৰীসে নুহিকে স্বতন্তৰ। বোঝাৰ উপৰে শাক যেন পটন্তৰ॥ ২৩০১ গুৰুতৰ বচন শুনিয়া শত্ৰুঘনে। হেম্পোচিয়া কুঁজীক পেলাইলা তেতিক্ষণে॥ চুঞ্চৰিয়া পাইল কুঁজী কৈকেয়ীৰ পাশ। ! ধীৰে ধীৰে কৈকেয়ীয়ে বুলিলা আশ্বাস॥ ২৩০২ ভৰতে বুলিলা শত্ৰুঘন মুখ চাই। দৈৱে বিমোহিত ভৈলা কৈকেয়ীযে আই॥ বামত বাসনা আনো মোতে অভিৰেক। দদাব বিপদ দৈবে কোনে বাধিবেক॥ ২৩০৩ হৰি হবি দুখিনী কৌশল্যা শত আই। কেনে সম্বুধিবোহো তোমাৰ মুখ চাই | বুলিতে নথৈল মোৰ কৈকেয়ী মাৱে। হেন বুলি তহিতে কান্দিলা দীৰ্ঘবাৰে॥ ২৩০৪ কৌশল্যা আৰু ভৰতৰ কথোপকথন। ক্ৰন্দনৰ ৰোল বৰ কৈকয়ীৰ ঠাই। বুলিল৷ কৌশল্যা পাছে সুমিত্ৰাক চাই॥ আসিলেক ভৰত দাৰুণী যাব মাৰ। দেখিয়োক আসা গৈয়া চালিয়োক গাৱ॥ ২৩০৫ হেন বুলি দুইহন্তো লৰিলা সেহিক্ষণে। ভৰতো আসন্ত দুইকো দেখিবাক মনে॥ সুমিত্ৰাৰ তনয় পাছত শত্ৰুঘন। বাটতে তেহো দুইকো পাইলা দৰিশন॥ ২৩০৬ কৌশল্যাক দেখিয়া ভৰত দুখী ভৈলা। হা মৰিলোহো বুলি পৰি মূৰ্চ্ছা গৈলা॥ ৬১ আসিলি বোপাই কুলনাশিনীৰ পো৷ দুইকো ধৰি কান্দিলা নয়নে বহে লো॥ ২৩০৭ উঠ উঠ বাপু তই মুখে এব লাজ। মাৱেৰৰ হাতে তই মাগি ললি ৰাজ॥ ৰাজাকো মৰাইলি ৰাম বনবাস দিলি। পিতৃ বব কৰি কোন কৰ্ম্মক সাধিলি॥ ২৩০৮ মোহোত বুলিলি হন্তে এহি ৰাজকাজ। ৰামে কৰিলন্ত হন্তে তোক যুৱৰাজ॥ কিকাৰণে আমাসাক বিদ্বেষ কৰিলি। | সুমিত্ৰাক মোক বহ্ণি কুণ্ডত থাপিলি॥ ২৩০৯ একে শোকে মৰো আৰো জ্বালিলি সন্তাপ। যেন গঙ্গাজল মোৰ ৰামাই নিষ্পাপ॥ কৌশল্যাৰ সুমিত্ৰাব হেন বাণী শুনি। 1 ! কিনো বুলিবন্ত নপাৱন্ত মনে গুণি। ২৩১০ কতো বেলি মনে থিৰ কৰিলা ভবত। দুইহন্তবে৷ আগে পাছে কৰন্ত শপত। মোহোব কপট যেবে সত্য পঢ়ুৱাওঁ। মিছা যেবে বোলো ব্ৰহ্মবধ পাপ পাওঁ॥ ২৩১১ দশ কপিলাক মাৰো গুৰু ভাৰ্য্য৷ হৰো। ৰামক পঠাইলো বনে আত্মঘাত কবো॥ মোৰ বোলে বুলিলা কৈকেয়ী নিজ মাৰ। ঘোৰ নৰকত তেৱে মোব হৌক ঠাৱ॥ ২৩১২ বচনে দিলেক দান নিদিলে অধৰ্ম্ম। ৰাজদ্ৰোহ কৰিলে যতেক পাপকৰ্ম্ম॥ সবপাপ পাওঁ যেবে মোৰ আছে মন। যত ধৰ্ম্ম কৰি আছে৷ সিও হোৱে ছন॥ ২৩১৩ কৌশল্যা বোলন্ত তোক জানো শুদ্ধভাব। দাৰুণ শপত শুনি পোৰে মোৰ গাৰ। চিৰকাল জীবি আশীৰ্বাদ দিলো তোক ৰাম আইলে দেখি পাসৰিবে সবে শোক॥ ২৩১৪