৬. ৰামায়ণ বিমৰিষ কৰে কুঁজী আউৰ কিবা চাওঁ। ভৰতক সমীপক কিসক নযাওঁ। ২২৮৫ মই বান্ধে৷ ৰূপ বৰ হেনয় নোহয়। মোহোৰ স্বৰূপে দেখো আথানো জ্বলয়॥ বয়সত বৰ মই ভৰতত কৰি। কাম বশ ভৈলে সিটো দোষক নধৰি॥ ২২৮৬ বিদিতে কুমাৰে যেবে লাজ কিছু কৰি। গুপ্তৰূপে তথাপিতো হৈবো পটেশ্বৰী॥ অনন্তৰে অন্তঃপুৰে ভৰতে চাহিল। সেহিবেল| কুঁজী আসি আগতে মিলিল॥ ২২৮৭ দেখ ভাই সমস্তবে বহ্ণি-কুণ্ড আইল। হেন বুলি কুঁজীক তাহন্তে সঙ্কটাইল॥ সকল আপদ হেতু এইসে আষুধী। লাথি ভুকু চৱৰ মাৰস যথাবিধি॥ ২২৮৮ হেন শুনি শত্ৰুঘনে মন্থৰাক পাইল। যেন ক্ষুদ্ৰ মৃগী দেখি কেশৰী খঙ্গাইল॥ ঘাৰে ধৰি কুঁজীক ফুবাইল বহুপাক। মন্থৰা ঘূৰয় যেন কুমাবৰ চাক॥ ২২৮৯ কতো বেলি পেলাৱন্ত আচাৰি হাতৰ। হিয়া মাটি পাইল যেন কুৰ লাঙ্গলৰ॥ মাৰিলন্ত কুজত অনেক শত কিল। চিত কৰি হিয়াত ডাঙ্গৰ শিল দিল॥ ২২৯০ দুই কোষে মাৰিলন্ত নিদাৰুণ লাঠি। ঘুকুচা ঘাৰত দিল বহু ঘৰাকাটি॥ পুনু পুনু কেশত ধৰিয়া আজুৰিল। কান্দন্তে মাৰিল ভুকু মুখে ধূলি দিল॥ ২২৯১ বাৰে বাৰে তুলি তুলি ভূমিত আম্ফালি। চৰৰত ভাঙ্গি গৈল দন্ত দুই পাৰি॥ কুঁজীৰ বিলাই দেখি তাইৰ বন্ধুজন। হা বান্ধৈ বুলিয়া কান্দিল ঘনে ঘন॥ ২২৯২ I মাৰিবেক আমাক দুৰ্ব্বাৰ শত্ৰুঘনে। কৌশল্যাত সবে গৈয়া পশিল শৰণে॥ পাছ চাই পলাইল কুঁজীৰ চেড়ীগণ। কৈকেয়ীক চাহি বুলিলন্ত শত্ৰুঘন॥ ২২৯৩ তোৰ বাক্যে আমাৰ জ্বলিল বৰ শোক। কুল সংহাৰিণী আসি নৰাখয় তোক॥ এহি মুখে বুলিলি ৰাঘৱ বনে যাউক। আৰে৷ বোল বুলিলি ভৰতে ৰাজ্য পাউক॥২২৯৪ হেন বুলি কুমাৰৰ হৃদয় ভাগিল। আৱৰ কুঁজীক গৈয়া কিলাইবে লাগিল। ৰাম সীতা লক্ষ্মণ গৈলন্ত বনমাজে। ৰাজাও মৰিলা এই পাপিনীব কাজে॥ ২২৯৫ হেন বুলি গালত নিৰ্দয় দিলা মুঠি। একোমতে কুঁবুজীৰ প্ৰাণ নযাই ফুটি॥ ছিঙ্গি সিঞ্চিলন্ত কুঁধুজীব অলঙ্কাৰ। স্বৰ্গে যেন আতিশয় ঝিকমিক তাৰ॥ ২২৯৬ 1 শত্ৰুঘ্নৰ কোপ দেখি ভৰতব মাৱে।
- ভয়ে চমকিয়া গৈল ভৰতৰ ঠাৱে॥
অথিৰ নয়ন তাৰ মুখে নাহি পান। শত্ৰুঘ্নৰ হাতে আজি হৈবোহোঁ নিৰ্য্যাণ॥ ২২৯৭ ভয়ে তৰতৰি কাম্পে অধৰ শুকাইল। এক দেৱা কৰি ভৰতৰ কাষ পাইল॥ মোৰ প্ৰাণ ৰাখ বাপ তোহোত শৰণ। আসজ মিলিল দেখো শুনিয়ে৷ বচন॥ ২২৯৮ মই তোক বোলোহো অলপমতি ছোট। কুঁজীক মাৰিল নিদাৰুণ পুত্ৰগোট॥ দুই গোট৷ ভায়েকত পৰে গৰ্ব্বী নাই। ঘনে ঘনে মোক চাৱৈ চক্ষুক পকাই॥ ২২৯৯ নিদাৰুণ দেখো বৰ সুমিত্ৰাৰ পোক। দুয়ো গো ভায়েকে মাৰিতে চাহে মোক।