অযোধ্যাকাণ্ড হা বাপ বুলিয়া বিকল বৰ ভৈলা। হা ৰাম ভাই বুলি পৰি মূৰ্চ্ছা গৈলা॥ ২২৮০ আশেষ কান্দন্তে শত্ৰুঘনে গৈয়া পাইল। আশ্বাসি অনেক তুলি ধৰিয়া বসাইল॥ লক্ষ্মণ দদাৰ ভৈল কমন মহত। এবেসে পলাইল মোৰ ইদুখ ললাট। কৌশল্যা সুমিত্ৰা বিকলিত পুত্ৰশোকে। শুভক্ষণ কৰি বাপ লৈয়ো দণ্ডপাট॥ নৰকত পচিবি খাইবেক জোকে পোকে। ২২৭৮ হয়ে৷ ভাই জানিল ৰামৰ বনবাস। দশোদিশে ব্যাপিল নিৰ্ম্মল যাৰ যশে। কুঞ্জীৰ কাৰণে ভৈল ৰাজাৰ বিনাশ॥ ২২৭১ তান ভাৰ্য্যা ভৈলি তোক জনিল ৰাক্ষসে॥ চাৰিগুণে ভৰতৰ ক্ৰোধ উপজিল। কৌশল্যা মাৱক তই দিলি বৰ শোক। গৰিহা বচনে পাছে কৈকেয়ীক বুলিল। ময়ো আবে পেট পুৰি মাৰিবোহো তোক॥২২৭৯ হাওৰে পাপিষ্ঠী মাৱ কি কৰিলি কায। এতিক্ষণে ময়ে৷ আজি যাইবো বনমাজ। কোননো বাপেৰে তোত মাগিলেক ৰাজ॥ ২২৭২ | স্বতন্তৰী দাৰুণী আপুনি লহ ৰাজ॥ ৰাম লক্ষ্মণৰ খণ্ডিলিহি ৰাজ্যভোগ। বাপক মাৰিলি তই অচিকিৎস ৰোগ॥ কিব৷ ৰাম দদ৷ তোক অনিষ্ট কৰিল৷ সিকাৰণে তান তই ৰাজ্য বিছৰাইল॥ ২২৭৩ ৰাজ্যলোভে আপুনিও নৰকক গৈলি। মোৰ কেনে ত্ৰিভুৱনে অখ্যাতিক থৈলি॥ একেবাৰে তিনিগোট অকাৰ্য্য কৰিলি। মোহোৰ দুষ্কীৰ্ত্তি ৰাম বনবাস দিলি॥ ২২৭৪ স্বামীক মৰাইলি দশৰথ মহাৰাজ। তথাপিতো দাৰুণী তোহোৰ নাহি লাজ॥ ইহলোকে পৰলোকে শুভ নাহি তোৰ। দেশে দেশে মোহোৰ কুযশ থৈলি ঘোৰ॥ ২২৭৫ স্বামী ঘাতিনীব পৃথিবীয়ে কেনে ধৰে। ফাট দিয়া লুকাই থৈয়া তোক নসম্বৰে॥ শুষিনী নাগিনী নিকাৰুণী সংহাৰিণী। নিৰ্দ্দয়িনী ৰাক্ষসিনী বাঘিনী দাৰুণী॥ ২২৭৬ যক্ষিনী ডাহিনী তই স্বস্বামী ভক্ষিণী। পিশাচিনী আবে ৰণ্ডী ভৈলি অলক্ষিণী॥ সকলো লোকক শোকে মাৰিলি বিছুই। অযোধ্যা ৰাজ্যত তই ভৈলি সোণগুই॥ ২২৭৭ বাপক মাৰিলি আগে আবে মোক খাহা। নিলাজী বৈৰিণী চাৰী মাৰিবাক যাহা॥ সব প্ৰতিকাৰ তেহো কৰিতে শকত॥ ২২৮১ ৰাঘবৰ সঙ্গতি গৈলন্ত বন মাজ। পিতৃ বোল বাধিয়া ৰামক নিদি ৰাজ॥ শত্ৰুঘ্নৰ হাতত কুঁজীৰ বিপত্তি। শুনিলেক কুঁজীয়ে ভৰত আসি ভৈল। সত্বৰ গমনে কৈকেয়ীৰ পাশে গৈল॥ ২২৮২ পিন্ধিলেক হৰিষে বত্ৰিশ অলঙ্কাৰ। মুকুট কুণ্ডল গ্ৰাৱে সাতেসৰি হাৰ॥ বলয় কঙ্কণ কাঞ্চি নূপুৰৰ সাজে। হংসী কেলি কৰে যেন সৰোবৰ মাজে॥ ২২৮৩ সুৱৰ্ণৰ খোল নিয়া কুঁজত চড়াইল। কটাক্ষ দৃষ্টিয়ে ভৰতৰ মুখ চাইল॥ শৰীৰত পিন্ধিলেক অগুৰু চন্দন। কৈকেয়ীৰ গৃহ লাগি কৰিল গমন॥ ২২৮৪ ৰাজ্যযোগ্য অলঙ্কাৰ পিন্ধিউৰি গাৱে। কপিলা থাকিলা যেন চণ্ডালৰ ঠাৱে॥
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৬৭
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই