৫৮ ৰামায়ণ ৰামে কিনো ব্ৰহ্মবধ গোবধ কৰিল। নোহে মহাপাপ গুৰু ভাৰ্য্যাক হৰিল। ২২৬৩ সিকাৰণে প্ৰাণ ভাইক দিলা বনবাস। চিন্তিলন্ত কিয় পিতৃ আপোনাৰ নাশ॥ সবে ৰাজ্য স্নেহ এক ভিতি কৰিলন্ত। আউৰ দিকি ৰাম স্নেহ তুলে ধৰিলন্ত॥ ২২৬৪ ৰামত বাসনা আতি বাপৰ মিলিল। মৰিবাৰ বেলা কেন বিধিয়ে ছলিল॥ কৈকেয়ী বোলয় সবে পাত্ৰে আলোচিলা। ৰাজাৰ পাশক শীঘ্ৰে সবহি আসিলা॥ ২২৬৫ ৰাজায়ে সহিতে পাছে বিমৰিষি কাজ। কৌশল্যাৰ তনয়ত সমৰ্পিল৷ ৰাজ॥ বশিষ্ঠে আনিলা অভিষেকৰ সম্ভাৰ। কালি ৰাজ দিব হেন কৰিলন্ত সাৰ॥ ২২৬৬ ৰামৰ সীতাৰ পাছে অধিবাস কৈল। এতেক দেখিয়া মোৰ হৃদিকম্প ভৈল॥ আলোচিয়া থিত সব কৰিলোহো কায। তোমাক লাগিয়৷ মই মাগি লইলো ৰাজ॥ ২২৬৭ শপত কৰায়৷ নৃপতিক কৈলো বন্দি। ৰামক পঠাইলো বনে সত্য পাশে ছান্দি॥ হৰাইল দেখিলে৷ বাজ্য সপোনৰ নিধি। কতমতে সাধিলো সহায় ভৈল বিধি॥ ২২৬৮ বপাহাঙ্ক লাগি বাপ নকৰিবি মৰ্ম্ম। ঝান্তে ৰাজ্য লৈয়ো মোৰ সাফলোক শ্ৰম। ৰাজাৰ আদেশ ৰাম শিৰোগতে লৈল। সীতায়ে লক্ষ্মণ সমে বনবাসে গৈল॥ ২২৬৯ হাহাকাৰ শৰদে কান্দিল সবলোকে। মৰিলন্ত মহীপাল সেহি পুত্ৰশোকে॥ ৰাজাৰ শৰীৰ আছে নাৰাণ তেলত। তান কৰ্ম্ম কৰি ৰাজ্য লৈয়োক ভৰত॥ ২২৭০ বাপ পঠাইবাৰ দূতে শীঘ্ৰে আনিলেক৷ মনত মানিলো ইটো ৰাম অভিষেক | কৌতুকে আছিলো হেন মনে মনে গুণি। সকলে নিম্ফল ভৈল পিতৃনাশ শুনি॥ ২২৫৬ এহি বুলি মহাদুখে পৃথিবীত লুটি। বিলাপ কৰন্ত যেন প্ৰাণ যাই ফুটি॥ দেখিয়া কৈকেয়ী পাছে তুলি ধৰিলন্ত। প্ৰবোধ বচনে ভবতক বুলিলন্ত॥ ২২৫৭ উঠাউঠা বাপ শোক নকৰিয়ো মনে। উলটি কি আসিৱন্ত তোমাৰ ক্ৰন্দনে॥ বহুতৰ কীৰ্ত্তিক থৈলন্ত মহীপাল। বৃদ্ধ বয়সত নৃপতিৰ ভৈল কাল॥ ২২৫৮ প্ৰজাক পালিয়া কবিলন্ত ৰাজ্যভোগ। সত্য পালি মৰিল৷ কান্দিতে নুহি যোগ॥ মৰিবাৰ বেলা ৰাজা বুলিল| বচন। ঝাণ্ট কৰি আসোক ভৰত শত্ৰুঘন! ২২৫৯ বাম সীতা লক্ষ্মণক বনক পঠাইল। হেন দেখি সব লোকে কৌতুক পাইল॥ শুনি ভৰতৰ হৃদয়ৰ কম্প ভৈল। বোগীব মুণ্ডত যেন বজ্ৰ পৰি গৈল॥ ২২৬০ হায় বিধি যমে কিয় নিনিলেক মোকে। এই বুলি পৃথিবীত পৰিলন্ত শোকে। অচেতনে আছে যেন ভৈল আয়ুপাত। মৃতকৰ যেন প্ৰাণ নেখেলে নাসাত॥ ২২৬১ ৰাম লক্ষ্মণৰ শোকে পৰি শত্ৰুঘন.। ভৰতক ধৰি ধীৰে কৰন্ত ক্ৰন্দন॥ কতোক্ষণে ভৰতে চেতন লভিলন্ত। শোকক তম্ভায়া পাছে বাক্য বুলিলন্ত॥ ২২৬২ কি কাৰণে নৃপতিৰ মতি বিহৰিল। ৰাম সীতা লক্ষ্মণক বনবাস দিল।
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৬৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই