অযোধ্যাকাণ্ড ওৱাৰিৰ লোকে শুনি ৰাজাৰ অৱস্থা। উল্কা সঞ্চাৰিল যেন বাজ ভৈল কথা॥ ২১৯৬ স্ত্ৰী বাল বৃদ্ধ সব যত যুব৷ লোকে। মূৰ্চ্ছা গৈয়া পৰিল ৰাজাৰ মহাশোকে॥ যেহেন শুকান কাষ্ঠ মোৰ কলেৱৰ। ৰাম শোক ৰবিজালে শোষে নিৰন্তৰ॥ ২১৯৭ স্বামীশোক অগনিয়ে পুৰি পুৰি দহে। এভো প্ৰাণ নযাই শৰীৰ কেনে ৰহে॥ উলট পালট স্বৰ্গ মৰ্ত্ত পাতালত। যুগ পৰিৱৰ্ত্ত যেন ভৈল অকালত॥ ২১৯৮ মবিবাহ! তুমিসব কোনে পতিয়ায়। হা প্ৰভু বোলন্তে মোহোৰ প্ৰাণ যায়॥ ৰামাই বন গৈলা ছাড়ি তুমি গৈলা স্বৰ্গ। চতুৰ্ভিতে বেঢ়ি কান্দে মহাদই বৰ্গ॥ ২১৯৯ সমিধান নিদিল| টিকব নিজ নাহা। আমাক অনাথ কবি কৈক লাগি যাহা॥ ৰাঘৱৰ শোকে তুমি গৈল| যমপুব। খণ্ডাইলাহা অলঙ্কাৰ শিখৰ সিন্দুব॥ ২২০০ হেন মন কৰয় যাইবোহো মই মৰি। পুত্ৰ বাসনাতহে জীৱন আছো ধৰি॥ হা স্বামী দশথ বৃদ্ধ মহীপাল। হা ৰাম লখাই সীতা মোৰ ভৈল কাল॥ ২২০১ কৌশল্যাৰ কৈকেয়ীক ভৎসন৷ আৰু সকলোৰে ৰাজ্য ৰক্ষাৰ যন্ত্ৰণা। বিষাদে কৌশল্যা কৈকেয়ীক লাগি চাইলা। কুল সংহাবিণীক আগতে ভেট পাইলা॥ হাওৰে পাপিষ্ঠী চাবী তই স্বামী খাইলি। ৷াকক শোক সাগৰে পেলাইলি॥ ২২০২ সমস্ত তোৰ গৰ্ভে ঠাই ভৈল সুস্বামী আমাৰ। সব বঘু বংশৰ চিন্তিলি বুন্দামাৰ॥ তোৰ কুখিয়াত তিনি ভুৱনক যাইব। নৰকৰ পোকে তোক লাৰি ছাৰি খাইব। ২২০৩ যাৱে চন্দ্ৰ দিবাকৰ পৃথিবী সাগৰ। ঘোৰ ক্ৰিমি কুণ্ডত থাকিবি একেশ্বৰ॥ ৰামত ভকত যেন লখাই মহাবীৰ। ভৰতো বামত তেন একে সে শৰীৰ॥ ২২০৪ পুতেয়ো নলৈবে ৰাজ্য স্বামীকো বধিলি। একোয়ে নভৈল তই নৰক সাধিলি॥ তোহোব কাৰণে বামচন্দ্ৰ গৈল৷ বন। পুত্ৰশোকে নৃপতিয়ো তেজিলে জীৱন॥ ২২০৫ সিংহ গজৰাৰ শুনি জনকৰ জীৱে। চমকিয়া ৰাঘৱৰ ধৰিবন্ত গ্ৰীৱে। তই ভৈলি প্ৰজাব দুখৰ আদিমূল। কৰিলি নিৰ্ম্মল তই ইটে| বঘুকুল॥ ২২০৬ এহি বুলি মুঠি হানি পবিলন্ত শোকে। প্ৰবোধিতে নপাবিল সব নাৰী লোকে। পাছে বশিষ্ঠক গৈয়া মাতিয়া আনাইল। কুলগুৰু কৌশল্যাক প্ৰবোধ কৰাইল॥ ২২০৭ বিষাদে থাকিলা দেবী অস্থি চন্মমাত্ৰ। বশিষ্ঠ বসিলা গৈয়া আউব যত পাত্ৰ॥ সেনাপতি যূথপতি মন্ত্ৰী সন্ধিকৈ। মহা মহা সাধু যত সবাহাঙ্কে লই॥ ২২০৮ বামদেৱে যাজ্ঞ্যবল্ক বিশ্বামিত্ৰ গৰ্গ। মাৰ্কণ্ডেয় গৌতম বজাৰ গুৰুবৰ্গ | বশিষ্ঠক মধ্য কৰি বসিলা বিমনে। আদিত্যক বেঢ়িয়া যেহেন গ্ৰহগণে॥ ২২০৯ সবে বিমৰিব পাছে কৰিলন্ত থিৰ। তলদ্ৰোণী কৰি বাজাব শৰীৰ॥
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৬১
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই