অযোধ্যাকাণ্ড ছোট হন্তে ৰামে পিতৃআজ্ঞা নবাধিল। বনবাস কৰি ৰামে কল্যাণ সাধিল॥ হেনয় পুত্ৰক একো নকৰিবা চিন্তা। দেখিবাহা সত্বৰে লক্ষ্মণ ৰাম সীতা॥ ২১৩৮ সুমিত্ৰাৰ বোলে শান্ত চিত্ত কৌশল্যাৰ। স্বামীক নিষ্ঠুৰ বুলি ভৈলা চমৎকাৰ। ক্ষমিয়োক প্ৰভু বুলি চৰণে ধৰিল। প্ৰবোধ বচনে স্বামীক কাতৰ কৰিল। ২১৩৯ পুত্ৰৰ শোকত বিমোহিত মোৰ মন। প্ৰভুক বুলিলো তাতে লাঘৱ বচন॥ পাঞ্চদিন ভৈল ৰাম বনবাসে গৈল। আতে মোৰ শত বৰিগৰ সম ভৈল॥ ২১৪০ হেন শুনি দশৰথ শান্তি কিছু ভৈলা। অনন্তৰে হুমন্ত্ৰেয়ো বুলিবাক লৈলা॥ ছোট হন্তে সেৱা কৰে৷ তোমাৰ চৰণ। একোকালে নবাধিলা আমাব বচন। ২১৪১ মৃত্যুকালে পাইলে আমি তোমাক বিবুধি। কৈকেয়ীক বৰ দিলা আমাক নুশুধি॥ বৃদ্ধব তৰুণী ভাৰ্য্যা লোকত শুনিল। সিসৱ সকলো কথা তোমাত মিলিল॥ ২১৪২ ৰাম অমৃতক তুমি তেজিলা তৰল। মৰিবাৰ বেলা খাইলা কৈকেয়ী গবল॥ গুৰু বন্ধু জন কিছু নভৈল তোমাৰ। বংশক বিনাশি কৈল৷ কৈকেয়ীক সাব॥ ২১৪৩ সাৰ্থক বুলিলা বাক্য কৌশল্যা গোসানী। কেনেমতে তোমাৰ ৰহিল সত্যবাণী॥ সমস্ত লোকত শুনাই বুলিলাহা কাজ। কালি আনি ৰামক পাতিবো যুবৰাজ॥ ২১৪৪ সিসৱ বচন কেনে পৰিৱৰ্ত্ত ভৈলা। 'গুণি চোৱা তযু সত্য কেনমতে বৈলা॥ 9 ৪৯ কোন ফল পাইলা তুমি অসতীক সেৱি। কৈকেয়ী তোমাৰ মাত্ৰ ভৈল মুখ্যদেৱী॥ ২১৪৫ তাহাক কান্ধত লৈয়া ফুবিয়ো ৰাজ্যত। তেৱে পৰিপূৰ্ণ হৈবে তোমাৰ শপত। কৌশল্যা বোলন্ত মন্ত্ৰী নোবোলা অধিক। পুত্ৰ শোকে মৰিছে আউব মাৰা কিক॥ ২১৪৬ কৌশল্যাৰ বোলে মন্ত্ৰী কিছু শান্ত ভৈলা। বিদায় কৰিয়া নিজস্থানে চলি গৈলা॥ অনন্তৰে আসিয়া ৰজনী উপগত। শোকে দুখে পীড়ি নিদ্ৰ৷ গৈলা দশৰথ॥ ২১৪৭ দশৰথ ৰজাৰ মৃত্যু | কৌশল্যা হুমিত্ৰা দুয়ো সতী শোকমনে। বাজাৰ দুই পাশে শুভিলন্ত দুইজনে॥ মধ্য নিশা ভৈলে বাজা চেতনক পাইল। শয্যাত বসিয়া দুয়ো ভাৰ্য্যাক জগাইল॥ ২১৪৮ পূৰ্ব্বৰ কথাক মই হুমবিয়া পাইলো। নিশ্চয় জানিলে| এবে প্ৰাণ হেৰুৱাইলো॥ আম্ৰবন দেখি যেন ৰুইলো পলাশ। কালে ফল শূন্য দেখি হইলে| হতাশ॥ ২১৪৯ নুগুণিয়া বামক দিলোহো বনবাণ। ঋঋষি শাপে আসি গ্লোব মিলালে বিনাশ॥ পূৰ্ব্বকালে মন্দকৰ্ম্ম কবিলে৷ দুৰ্ম্মতি। তাৰ ফলে মন্দগতি কলিল সম্প্ৰতি॥ ২১৫০ তোক নতু বিহা কবে৷ যুৱবাজ ভৈলো। বাবিষা কালত হাতে ধনুশৰ লৈলো॥ তূণ বান সাজিয়া দুৰ্জ্জয় মহাবীব। নিশাকালে পাইলে৷ গৈয়া সবষুব তীৰ॥ ২১৫১
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৫৭
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই