অযোধ্যাকাণ্ড কতো বেলি নৃপতিৰ আসিলেক জীব। কৰযোৰে শ্ৰীৰাম আগত ভৈলা থিৱ। তব সত্য পালিয়া চলিবো বনমাজ। শুভ দৃষ্টি চাহি আজ্ঞা দিয়ে মহাৰাজ॥ ১৯০২ লক্ষ্মণ সীতাক মই বুলিলোহো ভাৱ। গহ কৰি তেজিলন্ত আপোনাৰ ঠাৰ॥ পলটাইতে নপাৰিলে৷ কৰিবোহো কিস। তিনিহন্তে চলিলোহো দিয়োক আশীক॥ ১৯০৩ জগতৰ নাথে এই বুলি বহিলন্ত। মাথা তুলি পাচে দশৰথে বুলিলন্ত॥ স্ত্ৰীজন বঢ়াই বব ভৈলোহো হতাশ। কৈকেয়ীক বব দিয়া চিন্তিলো বিনাশ॥ ১৯০৪ জন্মে জন্মে মই কৰিলোহো মন্দকৰ্ম্ম। জ্যেষ্ঠ পুত্ৰ বনে যাই কোন যোগধৰ্ম্ম। অযোগ্য কৰিয়া গলে সত্য পাশে ধৰি। ৰাজ্য ভাৰ লৱয় নিগ্ৰহ মোক কৰি॥ ১৯০৫ দশৰথে বোলে শুনা হৃদয় নন্দন। এৰি যাইবে মোহোক বিকল কৰে মন॥ তুমি এৰি গৈলে মোৰ নাহিকে জীৱন। দুখ ভাগ লৈবে৷ মোক লৈয়| চল বন॥ ১৯০৬ প্ৰদক্ষিণ কৰি ৰামে বুলিলন্ত বাণী। আমাৰ জীৱন যেন পদ্মপত্ৰ পানী॥ পিতৃদেৰ তোমাৰ সত্যক ৰক্ষা কৰি। নিশ্চয়ে চলিবো বন ৰাজ্য পৰিহৰি॥ ১৯০৭ ধৰ্ম্মপথ ৰাখে৷ মোত তেজিয়োক স্নেহ। সত্যক পালন কৰো দৃঢ় কৰা দেহ॥ পুত্ৰ সঙ্গে ৰাজাৰ যাইবাক নোহে যোগ৷ বন্ধুজন পালি কৰিয়োক ৰাজভোগ॥ ১৯০৮ দশৰথে বোলে ৰাম কুলৰ নন্দন। মাৱক বাপক বোলো আশ্বাস বচন ৩১ মাৱক বাপৰ পুত্ৰ সৰ্ব্বকালে ছোট। মাজ কৰি গলে বান্ধি থাকো ৰাতিগোট॥ ১৯০৯ ৰাজায়ে বোলন্ত ৰাম বুজিলোহো চিত। এক বোল বোলোতাক দেখিয়োক হিত॥ আজি থাকি অনুগ্ৰহ কৰিয়ো আমাত। পৰিছেদা একে থানে ভুঞ্জো আজি ভাত॥১৯১০ ৰাঘৱে বোলন্ত বাপ শুনিয়ো আপোনে। আজি দুয়ো ভাত খাইবে৷ কালি খাইবো কোনে। মোহোৰ বাসনা এৰি পালিয়ো শপত। অবিলম্বে ৰাজ্যে আনি থাপিয়ো ভৰত॥ ১৯১১ মোহোৰ নিমিত্তে কিক শোকক জ্বলয়। গম্ভীৰ সাগৰ কদাচিতো নটলয় | নিশ্বাস কাঢ়িয়া ৰাজা মাথা তুলি চাইলা। সুমন্ত্ৰ আগতে আছে তাঙ্ক ভেট পাইলা॥ ১৯১২ বোলোহে৷ হুমন্ত্ৰ শুন বচন আমাৰ। চতুৰঙ্গ দল মোৰ সত্বৰে হাঙ্কাৰ॥ শ্ৰীৰামৰ লগতে চলোক সেৱা কৰি। ভৰতে আসিয়া লৌক ই শূন্য নগৰী॥ ১৯১৩ প্ৰথম যৌৱনী যত বিবিধ সুন্দৰী। ৰাঘৱৰ লগতে চলায়ো ঝাণ্ট কৰি॥ ভাণ্ডৰ বেহাৰ বন জন যত দেশ। ৰামৰ তুলত হৌক বনত প্ৰবেশ॥ ১৯১৪ পাত্ৰ মন্ত্ৰী সকল যতেক বীৰ মাৰ। একো একো বীৰে বসাৱকো দেই ধাৰ॥ ৰামত তুলত গৈয়া বৈসায়োক নগৰী। কৈকেয়ীক ৰাজ্য ইটো দেও শূন্য কৰি॥৷ ১৯১৫ শুনি কৈকেয়ীৰ মুখ জিহ্বা শুকাই গৈল। ক্ৰোধে নৃপতিক বাক্য বুলিবাক লৈল॥ সাৰভাগ কাঢ়ি লৈলা পাইলো সত্য বোল। ঘৃত কাঢ়ি লৈলা মই কি কৰিবে৷ ঘোল॥ ১৯১৬
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৩৯
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই