পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৩৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মধুফল আশায়ে সেবিলো বৃক্ষমূল। ফলকালে ভৈল সিয়ে শিমলীৰ তুল॥ বসিলা ৰাজাক বেঢ়ি ৰমণী সকলে। চন্দ্ৰক বেঢ়িয়া যেন তাৰাগণ জ্বলে। ১৮৯৪ দেৱতা ভূষিত যত সুন্দৰী সমাজ৷ বিৰিধ কালত হেন নিকাৰুণ ভৈলে। মুখৰ গৰাস মোৰ তাকে৷ কাঢ়ি লৈলে। ১৮৮৭। অপেশ্বৰা বেঢ়িলে যেহেন দেৱৰাজ॥ এবেসে জানিলো তোক যেনে পতিব্ৰতা। মোহোৰ কধিৰ পান কৰিতে শকতা॥ ৰামায়ণ জন্মে জন্মে হোৱে যেন তোৰ সদগতি। বাপক দেখিলা হেম সিংহাসন থিত। ৰাজ্যলোভে বধ কৈলে মই হেন পতি॥১৮৮৮ | উদয় গিৰিত যেন জ্বলন্ত আদিত্য॥ সুমন্ত্ৰয়ো নৃপতিৰ বচন প্ৰমাণি। ৰাম সীতা লক্ষ্মণক ভেটাইলন্ত আনি॥ ১৮৯৫ কীৰ্ত্তি কৰ্ম্ম ধৰ্ম্ম মানে সবে পৰিহৰি। অনাথ কৰিলি তই অযোধ্যা নগৰী॥ হায়! প্ৰিয় পুত্ৰ মই পৰিহৰো কিক। স্ত্ৰীৰ অধীন মোক আছে ধিক ধিক॥ ১৮৮৯ প্ৰতিপাল কৰে মোক সুভাষিত ৰাম। তিনিয়ে৷ ত্ৰৈলোক্যে যাক নাহিকে উপাম॥ হা বিধি মই আবে কৰিলোহে| কিস্। পাপিষ্ঠীয়ে ঢালিলন্ত অমৃতত বিষ॥ ১৮৯০ পাপিষ্ঠ নিষ্ঠুৰ মই ভৈলো স্ত্ৰীৰ বশ। ৰামক বনক পঠাই পাইলো অপযশ | কিনে! অধোগামী তই পাপিষ্ঠী দাৰুণী। বিহত৷ স্বামীত কেনে ভৈলি নিকাৰুণী॥ ১৮৯১ বিলাপ কৰন্তে যেবে আছে মহাৰথ। হাত যোৰে সুমন্ত্ৰ আগত উপগত॥ শ্ৰীৰাম লক্ষ্মণ সীতা দুৱাৰত থিত। বনে যাইতে আসিলন্ত চৰণ দেখিত॥ ১৮৯২ কৈকেয়ী কৌশল্যা দুয়ো আছন্ত দুভিতি। কাশ্যপক বেঢ়ি যেন দিতি যে অদিতি॥ ১৮৯৬ দশৰথ আছে কন্যাগণৰ মাজত। হস্তিনীগণৰ মাজে যেন ঐৰাৱত॥ ৰামক দেখিয়া ৰাজ৷ চালিলন্ত গাৰ। সাৱটি ধবিতে লাগি বঢ়াইলন্ত পাৱ। ১৮৯৭ শোকে শিহৰিল গাৱ নপাইলন্ত উলি। ঢলিয়া পৰন্তে ৰামে ধৰিলন্ত তুলি॥ শ্ৰীৰাম লক্ষ্মণে নিয়া থাপিলা আসনে। তিনিহন্তে কান্দিলা বিষাদ কৰি মনে॥ ১৮৯৮ বিচিলন্ত অনেক চামৰ ধৰি হাতে। সুশীতল জল আনি ঢালিলন্ত মাথে॥ কৌশল্যাক প্ৰমুখ্যে ৰামৰ শত মাৰ। হা প্ৰাণ প্ৰভু বুলি তেজিলন্ত ৰাৰ॥ ১৮৯৯ হৰি হৰি বিধি কত কৰিলে সঙ্গতি। দশৰথ নৃপতিৰ হেন সে বিপতি॥ সুখৰ ভিতৰে কেনে মিলিল অপায়। বন্ধুচ্ছেদ কৰি ৰামে বনবাসে যায়॥ ১৯০০ পৰিছেদা দেখল্তোক ৰাম পুত্ৰমুখ। কহি যাইবে সীতা আই সৰ্ব্বাঙ্গে সুন্দৰী। বাম বনে গৈলে অন্তৰ্গতে পাইব দুখ॥ ১৮৯৩! কৈক যাহা লখাই বাপ দেশ পৰিহৰি॥ ৰাজাৰ আদেশে মন্ত্ৰী গৈলা অভ্যন্তৰে। বিনাশ মিলিল আসি অযোধ্যা নগৰী। নিৰন্তৰে নাৰীগণ মিলাইলা সত্বৰে। কৈক যাইবে ৰামাই অনাথিতি কৰি॥১৯০১ কান্দি ৰাজা সুমন্ত্ৰক বুলিলন্ত বাণী। মহাদই সমস্তক মিলায়োক আনি॥