পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

b ৰামায়ণ কুজী বোলে কৈকেয়ী হবিষ কৰ মন। একে উপদেশ ৰাম চলি যাইব বন | আলখনী কুজীত সুধিলি তই কাজ। আব বুদ্ধি বোলোহে৷ ভবতে পাইব ৰাজ॥ ১৫৮৯ এতেক বচন শুনি ভবতব গাৱ। বুলিও উপায় বুলি চালিলেক গাৱ। ভৰত নৃপতি হৈলে তই হৈবি সুখী। অন্তেসপুৰত তোক কৰিবে। প্ৰমুখী॥ ১৫৯০ ৰাজ৷ ভৈলে ভবত কীৰ্ত্তিক তোক নিবো। তোৰ কুজ গুটী শুদ্ধ হুবৰ্ণে বান্ধিবো॥ বেটী শত দিবো আৰো ৰত্ন অলঙ্কাৰ। গ্ৰীবাত তোহোৰ দিবো সাতেসৰি হাব॥ পদ্মকেশবৰ বৰ্ণ প্ৰিয় দবিশন। উৰুস্থল লগি তোৰ আতি হুশোভন॥ উন্নত নাসিকা মুখ দেখিয়া স্বভাব। ক্ৰুজ গুচি দেখি হেন স্তৱৰ্ণ সৰাৰ॥ ১৫৯২ আন সব কুবুজীৰ হিয়া খান খাল। গ্ৰাৱা গোট নলখিয় পেচা হেন গাল॥ পেট গোট খাল আতি অশোভন দেখি। ইসব দোষক তোৰ কিছুয়ে নলখি॥ ১৫৯৩ তোহোব উদৰ কৃশ সৰস জঘন। শোভন যৌৱন দেখি যুবত মোহন॥ আগত থাকিলে মন কৰয় উল্লাস। ১৫৯১ লীলা হংসী যেন কেলি কৰতেহি যাস॥ ১৫৯৪ কুজী বোলে উপায় শুনিয়ো তোৰ হিত। যিমতে জিনিবি ৰাজা দশৰথ চিত। পুৰণি কথাক তই সুমৰণ কৰ৷ ৰাজা বুলিয়াছে তোক দিবো দুই বৰ। ১৫৯৫ দেৱাহুৰ ৰণ বৰ মিলিল পূৰ্ব্বত। জিনিলা দেৱক ৰণে অসুৰ সমস্ত || ! মহেন্দ্ৰৰ সখা ভৈলা দশৰথ ৰায়। ভঙ্গায়া অসুৰ বল খেদাইল৷ লীলাই॥ ১৫৯৬ যুদ্ধ জিনি আসিয়া ভৈলন্ত ভিবপিতি। আগ বাঢ়ি কৈলা তুমি ৰাজাত ভকতি॥ বৰ দুই দিবাক ৰাজাৰ ভৈল মন। তুমিও বুলিল৷ বব লৈবে৷ আনখন॥ ১৫৯৭ ক্ৰোধ ঘৰে থাকিও মলিন বস্ত্ৰ লৈয়া। মাটিত কাপৰ পাৰি বিমন কবিয়া॥ কোপ কৰি থাকিবি মুকুত কবি কেশ। ৰাজা আসি চাট্ পাট্ বুলিব আশেষ॥ ১৫৯৮- বঃ মণি মানিবন্ত নিধিব ভাব। যতেক মানিব তাক নকৰিবি সাব॥ বাক্যে ছান্দি নৃপতিক শপত কৰাইবি। হেন বুদ্ধি কৈলে তই দুয়ো বৰ পাইবি॥ ১৫৯৯ এক বব মাগি ভবতক দিবি বাজ। ৰাম বন যাইবাক বুলিবি হাৰ কাজ॥ বৃদ্ধৰ তৰুণী ভাৰ্য্য৷ আতি বব ৰতি। তোৰ বোল বাধিবাক ৰহিবে শকতি॥ ১৬০০ চলিল! কুজীব বোলে ভবসিত মনে। ৰামব লিখিত বিধি বাধিব কেমনে। কুজী তোৰ বচনে ভূমিত থাকো লুটি। হা বাম বোলন্তে পৰাণ যায় ফুটি॥ ১৬০১ পাপিষ্ঠী কুবুজী মোৰ ভেদিলি হৃদয়। । জনিলি কথাক কহি অনেক সংশয়॥ তোহোৰ বোলত আবে কবে। মন্দ যত্ন। ! ভৰত কাচক লাগি হৰাওঁ ৰাম ৰত্ন॥ ১৬০২ মোৰ বোলে বামাই বন যাইবে হেনজানি। মৰিবে৷ কটাৰ হানি নখাই ভাত পানী॥ মনত বিষাদ কৰি ভৰতব মাৱ। ক্ৰোধঘৰে থাকিলন্ত বিমল স্বভাৰ॥ ১৬০৩