পৃষ্ঠা:অমৃত কথা.pdf/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
অমৃত কথা


 নাৰদে প্ৰভুৰ কথা তেনেদৰে কোৱাত পেটে পেটে সহ্য কৰিব নোৱাৰিলে। আহি শ্ৰীকৃষ্ণৰ ওচৰ পালেহি আৰু অলপ বেছিকৈ শাম্বৰ কথা লগাই দিলেহি। বোলে—“প্ৰভু! আপোনাৰ পুত্ৰই আপোনাৰ গুণ সহিব নোৱাৰা হৈছে। আপোনাৰ সমানে সমানে পূজাৰ ভাগ পাবলৈ বিচাৰে৷ আপোনাতকৈও নিজকে সুন্দৰ বুলি গৰ্ব কৰে।”

 গৰ্ব চূৰ্ণ কৰাই ভগৱানৰ বিধি। শ্ৰীকৃষ্ণই শাম্বক দুৰাৰোগ্যত ভূগিবলৈ শাও দিলে। শাম্বৰ গোটেই শৰীৰ কুষ্ঠৰোগেৰে উপচি পৰিল। পুত্ৰৰ অৱস্থা দেখি ভানুমতী কান্দি-কান্দি অস্থিৰ হৈ পৰিল। তেওঁৰ বিলৈ দেখি নাৰদে সহ্য কৰিব নোৱাৰিলে। শ্ৰীকৃষ্ণই এই দশা কৰিছে বুলি ভানুমতীক লগালে। ভানুমতীয়ে শোকে তাপে শ্ৰীকৃষ্ণক ক’লেগৈ—“হে সৰ্বলোক নিয়ন্তা ঈশ্বৰ। দয়াময় বুলি তুমি খ্যাত। মোৰ পুত্ৰক এনে দশা কৰিবলৈ তোমাৰ অকণো বেয়া নেলাগিলনে? শ্ৰীকৃষ্ণই ক’লে যে শাম্বই নিজৰ ৰূপ লৈ অহংকাৰৰ সীমা পাৰ কৰা কাৰণে ফল ভোগ কৰিব লগাত পৰিছে। গৰ্ব চূৰ্ণ কৰাই তেওঁৰ বিধি। শাম্বই তেওঁৰ সমকক্ষ বুলি ভবাটো ভুল হৈছিল। ভানুমতীয়ে পুতেকৰ দুৰ্নাম সহ্য কৰিব নোৱাৰি ক’লে—“শাম্বই কেতিয়াও তেওঁৰ সমকক্ষ বুলি নেভাবে।” শ্ৰীকৃষ্ণই নাৰদৰ কথা ক’লে। ভানুমতীৰ বৰ খঙ উঠিল। ক’লে—“হে প্ৰভু, শাম্বই নাৰদ মুনিক তেওঁক কিয় সুন্দৰ বুলি নকয় আৰু পূজা নকৰে তাকেহে সুধিছিল। সেই সময়ত মই সমীপতে আছিলো।”

 ‘শ্ৰীকৃষ্ণই ভানুমতীক ক্ষান্ত হ’বলৈ ক’লে। আৰু শাম্বক ক’লে— “তুমি সূৰ্য্যক তপস্যা কৰাগৈ। সূৰ্য্যইহে তোমাৰ ৰোগ নাশ কৰিব পাৰিব।”

 শাম্ব তপস্যাৰ কাৰণে নিজান হাবিলৈ গুচি গ’ল। ভানুমতী ব্ৰহ্মাৰ ওচৰ পালেগৈ। ব্ৰহ্মাক সুধিলে— ‘হে ব্ৰহ্মদেৱতা, মুনি নাৰদ আপোনাৰ মানস পুত্ৰ হৈয়ো কিয় সাধাৰণ মানুহৰ দৰে আচৰণ কৰে, যাৰ ফলত দুৰ্গতি ভূগিবলগীয়া হয়?”

 ব্ৰহ্মাই ভানুমতীক নাৰদৰ কথা বুজাই ক’লে– “দেৱী ভানুমতী, পূৰ্বজন্মত নাৰদ সাধাৰণ দাসীৰ পুত্ৰ আছিল। সেই দাসী সৎ স্বভাৱৰ হ’লেও টুটকীয়া গুণ আছিল। দুয়ো অভাৱ-অনাটনত জীৱন কটাইছিল। নাৰদৰ মাতৃ প্ৰেম আছিল গভীৰ। ব্ৰাহ্মণসকলৰ শাস্ত্ৰ পাঠ শুনি শুনি নাৰদৰ প্ৰাণত হৰি ভক্তিয়ে থিতাপি ললে। মাতৃ বিয়োগৰ পিছত কেৱল হৰিক বিচাৰি পাহাৰে পৰ্বতে ঘূৰি ফুৰিবলৈ ধৰিলে। এদিন হৰিয়ে সপোনত ক’লে– “মানৱ শৰীৰে হৰিক দেখা পোৱা অসম্ভৱ। নাৰদে পৱিত্ৰ কমলপুষ্প পুখুৰীত স্নান কৰি হৰি ধ্যানত বহিল। ধ্যানত সিদ্ধি লাভ কৰি দেহ ত্যাগ কৰি বৈকুণ্ঠলৈ আহি হৰিৰ ইচ্ছাতে