পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৮৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অমূল্য় ৰত্ন

কহিলন্ত মোত পাছে গুৰু কৃপাময়।
যি কাৰণে অক্ৰূৰৰ ভৈলা ভাগ্যোদয়॥
কংসে পাঞ্চিলেক মাত্ৰ মনত বাঞ্চিলা।
মাধৱৰ পাৱে যেবে চিত্ত নিমজিলা॥৪১৩
অক্ৰুৰৰ ক্ৰূৰ বুদ্ধি সবে দূৰ গৈলা।
ধ্বজ ব্ৰজ পঙ্কজৰ মাথে ধূলি লৈলা॥
আৰু এক কথা কহো শুনা মনকৰি।
যিটো চন্দনক কুজী দিলন্ত সাদৰি॥৪১৪
চন্দন সহিতে পাত্ৰ যিবা আসি ভৈলা।
ঈশ্বৰ পূজিবে যে ভৰথে আলোচিলা।
অৰ্ঘা কৰণ্ডি পুষ্প তথাতে মিলিলা।
বৈকুণ্ঠৰ খৰি পাত্ৰ মনত ধৰিলা॥৪১৫॥
হৃদয়ত মূৰ্ত্তি কৰি বিষ্ণুক পূজিলা।
অনেক ভকাত ভাবে কাকুতি কৰিলা॥
একদিনা ভৰতে যে পূজা কৰিছন্ত।
মৰীচি বিদ্যাধৰী তৈতে আসিলন্ত॥৪১৬॥
কৃষ্ণৰ চৰণে চিত্ত মনত ধিয়াই।
মহা যোগেশ্বৰ যিটো ভৰত গোসাই॥
তাঙ্ক বৰিবাক লাগি মৰীচি গৈলন্ত।
কৃষ্ণ পূজা অৰ্ঘ্য তেহে হাতত লৈলন্ত॥৪১৭॥
কৃতাঞ্জলি কৰি পাছে বুলিবে লাগিলা।
ভৰতক নানা ভাবে তুতি যে কৰিলা॥
সেহি বিদ্যাধৰী ভৰতক ঠেলিলন্ত।
চক্ষু মেলি ভৰতে যে তাইক দেখিলন্ত॥৪১৮
হাওঁৰে পাপিষ্ঠ তই অধম নিস্খলি।
কিবা হেতু মোৰ তই ধ্যান ভঙ্গ কৈলি॥
যিটো ব্ৰহ্ম হন্তে পালটাইলি মোৰ মন।
ৰাক্ষসিনী হৈবি তই বুলিলো বচন॥৪১৯॥

৬৭